Posts

Showing posts from October, 2022

নিপন গোস্বামীৰ দেহাৱসান

Image
 # বিশিষ্ট অভিনেতা নিপন গোস্বামী আৰু নাই #৯.১৫ মিনিটত নেমকেয়াৰ হাস্পতালত শেষ নিশ্বাস ত্যাগ অভিনেতা গৰাকীৰ  #দীৰ্ঘদিনৰ পৰা হৃদৰোগত আক্ৰান্ত হৈ আছিল অভিনেতা গৰাকী    নিপন গোস্বামীয়ে ১৯৪৭ চনত তেজপুৰৰ কলিবাৰীত জন্ম গ্ৰহণ কৰিছিল । স্কুলত পঢ়ি থকা দিনতেই নিপন গোস্বামীয়ে প্ৰথম অভিনয় কৰিছিল। আঠ নে ন বছৰ বয়সত তেখেতে প্ৰথমে ‘লাচিত বৰফুকন’ নাটকত স্কুলীয়া লগৰীয়া কেইজনমানৰ লগত অভিনয় কৰিছিল। নিপন গোস্বামীৰ অভিনীত প্ৰথম ছবি আছিল ১৯৫৭ চনত মুক্তিপ্ৰাপ্ত ফণী শৰ্মাৰদ্বাৰা পৰিচালিত ‘পিয়লি ফুকন। তেওঁ ডক্তৰ বেজবৰুৱা, আজলী নবৌ, ককাদেউতাৰ নাতি আৰু হাতী, হিয়া দিয়া নিয়া, বৰুৱা সংসাৰৰ দৰে বহুতো Superhit ছবিত অভিনয় কৰিছিলে।তেখেতে ১০০ ৰো অধিক ছবিত অভিনয় কৰিছিল। কহিনুৰ,আৱাহন, হেঙুল, শকুন্তলা থিয়েটাৰতো অভিনয় কৰিছিল । তেওঁক অসমৰ আগশাৰীৰ নাট্যগোষ্ঠী আৱাহন থিয়েটাৰে ২০২১ বৰ্ষত ড০ ভবেন্দ্ৰ নাথ শইকীয়া বঁটাৰে সন্মানিত কৰিছিল। মুনিন বৰুৱাৰ লগত যৌথ ভাৱে তেখেতে ‘প্ৰতিমা’ নামৰ বোলছবিখন পৰিচালনা কৰিছিল।তেওঁৰ মৃত্যু অসমিয়া চলচ্চিত্ৰ জগতৰ বাবে এক অপূৰণীয় ক্ষতি।