Posts

Showing posts from September, 2020

জিতেন মাষ্টৰ বিদায়

Image
 অসমৰ জনপ্ৰিয় ইউটিউব চেনেল ‘ভইচ আছাম’ৰ জনপ্ৰিয় চৰিত্ৰ জিতেন মাষ্টৰ আৰু নাই। ‘তেলচুৰা’ নামৰ জনপ্ৰিয় চৰিত্ৰটোৰ সৈতে ‘ভইচ আছাম’ৰ প্ৰতিটো ভিডিঅ’তে জিতেন মাষ্টৰৰ চৰিত্ৰত অভিনয় কৰি জনপ্ৰিয় হৈ পৰিছিল জিতুল ৰাজবংশী। গুৱাহাটীৰ বি বৰুৱা কৰ্কট প্ৰতিষ্ঠানত চিকিৎসাধীন অৱস্থাতে নিশা প্ৰায় ১১.৩০ বজাত শেষ নিশ্বাস ত্যাগ কৰে প্ৰতিভাৱান অভিনেতাগৰাকীয়ে। মঙলবাৰে দুৰাৰোগ্য কৰ্কট ৰোগত আক্ৰান্ত জিতুলক ভৰ্তি কৰোৱা হৈছিল হাস্পতালত। মৃত্যুৰ সময়ত জিতুলৰ বয়স হৈছিল মাত্ৰ ২৬ বছৰ।

ভাৰতবৰ্ষলৈ গৌৰৱ কঢ়িয়াই আনিছে নাগালেণ্ডৰ জীয়ৰী জেচিকা স্ন'কে

Image
  উত্তৰ পূৰ্বাঞ্চল তথা ভাৰতবৰ্ষলৈ গৌৰৱ কঢ়িয়াই আনিছে নাগালেণ্ডৰ জীয়ৰী জেচিকা স্ন'কে । জেচিকা স্ন'কক নিযুক্তি দিয়া হৈছে আমেৰিকা যুক্তৰাষ্ট্ৰৰ আহি থকা ৰাষ্ট্ৰপতি নিৰ্বাচনৰ প্ৰতি লক্ষ্য ৰাখি গঠন হোৱা উপদেষ্টা মণ্ডলৰ এছিয়া মহাদেশৰ উপ উপদেষ্টা পদত । ৰিপাব্লিকান নেছনেল কমিটিৰ অধীনত জেচিকা স্ন'কক অধ্যাপক ফিলিফ যাদৱে উক্ত পদত মনোনীত কৰে । ৩৩ বছৰীয়া নাগালেণ্ডৰ জেচিকা স্ন'কে ২০১৯চনত মিছ ইউনাইটেড নেছন'ৰ খিতাপ জয় কৰিছিল । সংবাদ মাধ্যমৰ সৈতে হোৱা এটি বাৰ্তালাপত জেচিকা স্ন'কে কয় এতিয়া তেওঁ সমাজত নাৰীৰ অধিকাৰ হকে মাত মাতিব । মন্ত্ৰী জিতেন্দ্ৰ সিংয়ে জেচিকা স্ন'কক অভিনন্দন জনাই কয় যে এয়া নাগালেণ্ডৰ বাবে এটা সন্মান আৰু গৌৰৱৰ বিষয় ।