ভাৰতবৰ্ষলৈ গৌৰৱ কঢ়িয়াই আনিছে নাগালেণ্ডৰ জীয়ৰী জেচিকা স্ন'কে


 উত্তৰ পূৰ্বাঞ্চল তথা ভাৰতবৰ্ষলৈ গৌৰৱ কঢ়িয়াই আনিছে নাগালেণ্ডৰ জীয়ৰী জেচিকা স্ন'কে । জেচিকা স্ন'কক নিযুক্তি দিয়া হৈছে আমেৰিকা যুক্তৰাষ্ট্ৰৰ আহি থকা ৰাষ্ট্ৰপতি নিৰ্বাচনৰ প্ৰতি লক্ষ্য ৰাখি গঠন হোৱা উপদেষ্টা মণ্ডলৰ এছিয়া মহাদেশৰ উপ উপদেষ্টা পদত ।

ৰিপাব্লিকান নেছনেল কমিটিৰ অধীনত জেচিকা স্ন'কক অধ্যাপক ফিলিফ যাদৱে উক্ত পদত মনোনীত কৰে ।

৩৩ বছৰীয়া নাগালেণ্ডৰ জেচিকা স্ন'কে ২০১৯চনত মিছ ইউনাইটেড নেছন'ৰ খিতাপ জয় কৰিছিল । সংবাদ মাধ্যমৰ সৈতে হোৱা এটি বাৰ্তালাপত জেচিকা স্ন'কে কয় এতিয়া তেওঁ সমাজত নাৰীৰ অধিকাৰ হকে মাত মাতিব ।
মন্ত্ৰী জিতেন্দ্ৰ সিংয়ে জেচিকা স্ন'কক অভিনন্দন জনাই কয় যে এয়া নাগালেণ্ডৰ বাবে এটা সন্মান আৰু গৌৰৱৰ বিষয় ।

Comments

Popular posts from this blog

আচুৰ্যৰ হোটেল চাওঁক

নাহিদে বঁটাটো ঘূৰাই দিব !!

থোৰতে তৰুণ গগৈ দেৱৰ কিছু কথা