থোৰতে তৰুণ গগৈ দেৱৰ কিছু কথা

 || এটা যুগৰ অৱসান ||



◾১৯৩৬ চনৰ ১ এপ্ৰিলত যোৰহাটৰ ৰঙামাটিত জন্মগ্ৰহণ কৰিছিল তৰুণ গগৈ।


◾দেউতাক ড০ কমলেশ্বৰ গগৈ আছিল ৰঙাজান চাহ বাগিচাৰ চিকিৎসক।


◾মাতৃ উষা গগৈ আছিল প্ৰখ্যাত কবি গণেশ গগৈৰ ভগ্নী। 


◾মাক-দেউতাকে মৰমতে পোনাকণ বুলি মাতিছিল তৰুণ গগৈক।


◾২৬নং ৰঙাজান নিম্ন বুনিয়াদী বিদ্যালয়ত আৰম্ভ কৰিছিল শিক্ষা জীৱন।


◾চতুৰ্থ শ্ৰেণীলৈকে অধ্যয়ন কৰিছিল যোৰহাট মাদ্ৰাছা স্কুলত। 


◾ষষ্ঠ শ্ৰেণীলৈকে অধ্যয়ন কৰিছিল বাদুলিপাৰ চাহ বাগিচাৰ সমীপৰ ভোলাগুৰি হাইস্কুলত। 


◾১৯৪৯ চনত যোৰহাট চৰকাৰী হাইস্কুলৰ পৰা উত্তীৰ্ণ হৈছিল মেট্ৰিকত। 


◾যোৰহাটৰ জে বি কলেজৰ পৰা স্নাতক ডিগ্ৰী গ্ৰহণ কৰিছিল গগৈয়ে। 


◾গুৱাহাটী বিশ্ববিদ্যালয়ৰ পৰা আইনৰ ডিগ্ৰীও অৰ্জন কৰিছিল। 


◾১৯৭২ৰ ৩০ জুলাইত ডলী গগৈৰ সৈতে তৰুণ গগৈয়ে আৰম্ভ কৰিছিল যুগ্ন জীৱন। 


◾এম.বি.এ ডিগ্ৰীধাৰী কন্যা চন্দ্ৰিমা গগৈ, পুত্ৰ গৌৰৱ গগৈ কলিয়াবৰৰ সাংসদ।


◾বিধায়কৰূপে ১৯৯৬ত প্ৰথমবাৰলৈ মাৰ্ঘেৰিটা সমষ্টিৰ পৰা নিৰ্বাচিত হৈছিল। 


◾২০০১ৰ পৰা ২০১৬লৈ কংগ্ৰেছ চৰকাৰৰ মুখ্যমন্ত্ৰী আছিল। 


◾৬ বাৰকৈ লোকসভাৰ সাংসদ আছিল তৰুণ গগৈ। 


◾১৯৭১ৰ পৰা ১৯৮৫লৈ যোৰহাট সমষ্টিক প্ৰতিনিধিত্ব কৰিছিল। 


◾১৯৯১ৰ পৰা ১৯৯৬লৈ কলিয়াবৰ সমষ্টিক প্ৰতিনিধিত্ব কৰিছিল গগৈয়ে। 


◾১৯৮৫ৰ পৰা ১৯৯০লৈ AICCৰ সাধাৰণ সম্পাদক আছিল। 


◾১৯৯১ৰ পৰা ১৯৯৬লৈ কেন্দ্ৰীয় খাদ্য সংসাধন উদ্যোগ বিভাগৰ মন্ত্ৰী আছিল। 


◾১৯৯৬ চনত দ্বিতীয়বাৰলৈ প্ৰদেশ কংগ্ৰেছৰ সভাপতি নিৰ্বাচিত হৈছিল। 


◾২০০১ চনত প্ৰথমবাৰলৈ অসমৰ মুখ্যমন্ত্ৰী ৰূপে দায়িত্বভাৰ লৈছিল। 


◾২০০১ৰ ১৮ মে'ৰ পৰা ২০১৬ৰ ২৪ মে'লৈ অসমৰ মুখ্যমন্ত্ৰী আছিল। 


◾যোৰহাট নগৰপালিকাৰ সদস্য ৰূপেও নিৰ্বাচিত হৈছিল ১৯৬৮ চনত। 


◾মৃত্যুৰ সময়ত তিতাবৰ সমষ্টিৰ বিধায়ক আছিল তৰুণ গগৈ।


             ৰাজনীতিৰ মহীৰূহ তৰুণ গগৈ আৰু নাই। ৫.৩৫ বজাত তৰুণ গগৈৰ মৃত্যুৰ কথা ঘোষণা। খবৰটো পাই বহুত দুখ অনুভৱ কৰিছো। তেখেতৰ বিদেহী আত্মাৰ সদগতি কামনা কৰিলো।

Comments

Popular posts from this blog

আচুৰ্যৰ হোটেল চাওঁক

নাহিদে বঁটাটো ঘূৰাই দিব !!