Posts

Showing posts from November, 2020

থোৰতে তৰুণ গগৈ দেৱৰ কিছু কথা

Image
 || এটা যুগৰ অৱসান || ◾১৯৩৬ চনৰ ১ এপ্ৰিলত যোৰহাটৰ ৰঙামাটিত জন্মগ্ৰহণ কৰিছিল তৰুণ গগৈ। ◾দেউতাক ড০ কমলেশ্বৰ গগৈ আছিল ৰঙাজান চাহ বাগিচাৰ চিকিৎসক। ◾মাতৃ উষা গগৈ আছিল প্ৰখ্যাত কবি গণেশ গগৈৰ ভগ্নী।  ◾মাক-দেউতাকে মৰমতে পোনাকণ বুলি মাতিছিল তৰুণ গগৈক। ◾২৬নং ৰঙাজান নিম্ন বুনিয়াদী বিদ্যালয়ত আৰম্ভ কৰিছিল শিক্ষা জীৱন। ◾চতুৰ্থ শ্ৰেণীলৈকে অধ্যয়ন কৰিছিল যোৰহাট মাদ্ৰাছা স্কুলত।  ◾ষষ্ঠ শ্ৰেণীলৈকে অধ্যয়ন কৰিছিল বাদুলিপাৰ চাহ বাগিচাৰ সমীপৰ ভোলাগুৰি হাইস্কুলত।  ◾১৯৪৯ চনত যোৰহাট চৰকাৰী হাইস্কুলৰ পৰা উত্তীৰ্ণ হৈছিল মেট্ৰিকত।  ◾যোৰহাটৰ জে বি কলেজৰ পৰা স্নাতক ডিগ্ৰী গ্ৰহণ কৰিছিল গগৈয়ে।  ◾গুৱাহাটী বিশ্ববিদ্যালয়ৰ পৰা আইনৰ ডিগ্ৰীও অৰ্জন কৰিছিল।  ◾১৯৭২ৰ ৩০ জুলাইত ডলী গগৈৰ সৈতে তৰুণ গগৈয়ে আৰম্ভ কৰিছিল যুগ্ন জীৱন।  ◾এম.বি.এ ডিগ্ৰীধাৰী কন্যা চন্দ্ৰিমা গগৈ, পুত্ৰ গৌৰৱ গগৈ কলিয়াবৰৰ সাংসদ। ◾বিধায়কৰূপে ১৯৯৬ত প্ৰথমবাৰলৈ মাৰ্ঘেৰিটা সমষ্টিৰ পৰা নিৰ্বাচিত হৈছিল।  ◾২০০১ৰ পৰা ২০১৬লৈ কংগ্ৰেছ চৰকাৰৰ মুখ্যমন্ত্ৰী আছিল।  ◾৬ বাৰকৈ লোকসভাৰ সাংসদ আছিল তৰুণ গগৈ।  ◾১৯৭১ৰ পৰা ১৯৮৫লৈ যোৰহাট সমষ্টিক প্ৰতিনিধিত্ব কৰিছিল।  ◾১৯৯১ৰ পৰা ১৯৯৬লৈ