Posts

Showing posts from April, 2022

১৯ বছৰৰ মূৰত বৃহৎ সাফল্য,কি ক'লে শিৱসাগৰৰ জীয়ৰীয়ে ?

Image
  ঘোষিত হ’ল ২০২২ বৰ্ষৰ ঐতিহ্যমণ্ডিত গুৱাহাটী বিহু সন্মিলনীৰ খিতাপসমূহ। দেওবাৰে সন্ধিয়া লতাশিলত অনুষ্ঠিত ‘বিহু সমাজ্ঞী’ প্ৰতিযোগিতাত বিহু সম্ৰাজ্ঞীৰ খিতাপ আজুৰিবলৈ সক্ষম হয় শিৱসাগৰৰ শতাব্দী কলিতাই।  কি ক'লে ? লতাশিল বিহু সম্ৰাজ্ঞী-২০২২ ৰ খিতাপ লাভ কৰা শতাব্দীয়ে কয় এনেদৰে - আপোনালোকৰ আশীৰ্বাদ আৰু মৰম-স্নেহৰ বাবে বিৰিণা বিহুদলে ঐতিয্যমণ্ডিত লতাশিল খেলপথাৰত বিহুসম্ৰাজ্ঞী       আৰু শ্ৰেষ্ঠ ঢুলীয়াৰ ৰ খিতাপ অৰ্জন কৰিবলৈ সক্ষম হলো।১৯ বছৰীয়া বিহুৰ এই যাত্ৰা পথত সহায় সহযোগিতা আগবঢ়োৱা মোৰ আপোন বিৰিণা বিহুদল,শ্ৰদ্ধাৰ প্ৰতিগৰাকী সন্মানীয় গুৰু,মা-দেউতা তথা পৰিয়ালৰ প্ৰতিগৰাকী ব্যক্তি,বিহুজগতৰ লগত জড়িত জ্যেষ্ঠ-কণিষ্ঠ বন্ধু বান্ধৱী তথা শুভাকাংক্ষী লৈ শতকোটি প্ৰণাম আৰু ধন্যবাদ জ্ঞাপন কৰিলোঁ।🙏 বিহু কুঁৱৰীৰ খিতাপ দখল কৰে প্ৰীতিৰাণী বৰগোহাঁই, বিহুৰাণীৰ খিতাপ দখল কৰে নিমিষা দিহিঙীয়াই। আনহাতে শ্ৰেষ্ঠ ঢুলীয়াৰ সন্মান লাভ কৰিছে নয়নজ্যোতি বৰা আৰু শ্ৰেষ্ঠ পেঁপাবাদক দেৱজিৎ তামুলীয়ে।