১৯ বছৰৰ মূৰত বৃহৎ সাফল্য,কি ক'লে শিৱসাগৰৰ জীয়ৰীয়ে ?



 ঘোষিত হ’ল ২০২২ বৰ্ষৰ ঐতিহ্যমণ্ডিত গুৱাহাটী বিহু সন্মিলনীৰ খিতাপসমূহ। দেওবাৰে সন্ধিয়া লতাশিলত অনুষ্ঠিত ‘বিহু সমাজ্ঞী’ প্ৰতিযোগিতাত বিহু সম্ৰাজ্ঞীৰ খিতাপ আজুৰিবলৈ সক্ষম হয় শিৱসাগৰৰ শতাব্দী কলিতাই। 


কি ক'লে ?
লতাশিল বিহু সম্ৰাজ্ঞী-২০২২ ৰ খিতাপ লাভ কৰা শতাব্দীয়ে কয় এনেদৰে -

আপোনালোকৰ আশীৰ্বাদ আৰু মৰম-স্নেহৰ বাবে বিৰিণা বিহুদলে ঐতিয্যমণ্ডিত লতাশিল খেলপথাৰত বিহুসম্ৰাজ্ঞী       আৰু শ্ৰেষ্ঠ ঢুলীয়াৰ ৰ খিতাপ অৰ্জন কৰিবলৈ সক্ষম হলো।১৯ বছৰীয়া বিহুৰ এই যাত্ৰা পথত সহায় সহযোগিতা আগবঢ়োৱা মোৰ আপোন বিৰিণা বিহুদল,শ্ৰদ্ধাৰ প্ৰতিগৰাকী সন্মানীয় গুৰু,মা-দেউতা তথা পৰিয়ালৰ প্ৰতিগৰাকী ব্যক্তি,বিহুজগতৰ লগত জড়িত জ্যেষ্ঠ-কণিষ্ঠ বন্ধু বান্ধৱী তথা শুভাকাংক্ষী লৈ শতকোটি প্ৰণাম আৰু ধন্যবাদ জ্ঞাপন কৰিলোঁ।🙏



বিহু কুঁৱৰীৰ খিতাপ দখল কৰে প্ৰীতিৰাণী বৰগোহাঁই, বিহুৰাণীৰ খিতাপ দখল কৰে নিমিষা দিহিঙীয়াই। আনহাতে শ্ৰেষ্ঠ ঢুলীয়াৰ সন্মান লাভ কৰিছে নয়নজ্যোতি বৰা আৰু শ্ৰেষ্ঠ পেঁপাবাদক দেৱজিৎ তামুলীয়ে।

Comments

Popular posts from this blog

আচুৰ্যৰ হোটেল চাওঁক

নাহিদে বঁটাটো ঘূৰাই দিব !!

থোৰতে তৰুণ গগৈ দেৱৰ কিছু কথা