Posts

Showing posts from February, 2021

Barasharani Weds Bhaskar Baruah

Image
 উখল মাখল পৰিৱেশে বিৰাজ কৰিছে মৰিগাওঁ জিলাৰ মায়ঙৰ গৰাঙ মন্দিৰত। বহু জল্পনা কল্পনাৰ মাজত আজি মোহময়ী অভিনেত্ৰী বৰষা ৰানী বিষয়া বিয়া। অতীতৰ সকলো দুখ বেদনা পাহৰি আকৌ ৰঙীন হ’ল অভিনেত্ৰী বৰষা ৰানী বিষয়াৰ বাটৰুৱা পথৰ উকা কঁপাল। আজি ভাস্কৰ বৰুৱাৰ সৈতে নতুন জীৱন আৰম্ভ কৰিবলৈ ওলাইছে অভিনেত্ৰী গৰাকীয়ে। সোমবাৰে হোমৰ জুইক সাক্ষী কৰি বিবাহ পাশত আবদ্ধ হ’ল জনপ্ৰিয় অভিনেত্ৰী বৰষা ৰাণী বিষয়া। অনুৰাগী সকলৰ বহু প্ৰতীক্ষাৰ অন্তত কেমেৰাত নহয় বাস্তৱত কইনা সাজ পিন্ধি হোমৰ গুৰিত বহিল মোহময়ী অভিনেত্ৰীগৰাকীয়ে।আয়তীৰ উৰুলিৰে মুখৰিত হ’ল ৰভাতলী। https://youtu.be/qg3UzuxLugA নতুন ইনিংছ আৰম্ভ হ’ল অভিনেত্ৰী গৰাকীৰ।বৰষা ৰাণী বিষয়াই জীৱন সংগী ৰূপে বৰমালা পিন্ধালে যোৰহাটৰ এজন যুৱক ভাস্কৰ বৰুৱাক। যোৰহাটৰ বাহনাত ঘৰ ভাস্কৰৰ। বিবাহৰ সকলো আনুষ্ঠানিকতা অনুষ্ঠিত হ’ল মায়ঙৰ গৰঙা মন্দিৰত। দুয়োলৈ অফুৰন্ত শুভকামনা।

নীল - মেঘৰঞ্জনীৰ বিয়া

Image
অসমৰ জনপ্ৰিয় অভিনেত্ৰী মেঘৰঞ্জনী মেধী আৰু অভিনেতা নীল দাসৰ আনুষ্ঠানিক বিবাহ ১৪ফ্ৰেৱৱাৰী অথাৎ প্ৰেমৰ দিৱসৰ দিনাই গুৱাহাটীত অনুষ্ঠিত হয় । দীঘলীয়া প্ৰেমৰ অন্তত বিবাহ সম্পন্ন হয় দুয়োৰে । উল্লেখযোগ্য যে , মেঘৰঞ্জনী মেধি এগৰাকী কথক নৃত্যশিল্পীও ।

সুৰাপান আৰু ডায়েবেটিছ ৰোগী

Image
 সুৰা পানৰ ফলত ডায়েবেটিক ৰোগীৰ শৰ্কৰাহাইপোগ্লাইচেমিয়া কমি যাব পাৰে । সুৰা সেৱনে আপোনাৰ যকৃতৰ ক্ষতি কৰিব পাৰে। যকৃতে গ্লুকোজ বিপাকত এক গুৰুত্বপূৰ্ণ অংশ গ্ৰহণ কৰে আৰু ক্ষতিগ্ৰস্ত যকৃতে আপোনাৰ ডায়েবেটিচ প্ৰভাৱিত কৰিব পাৰে ।  সুৰাই আপোনাৰ ঔষধৰ সৈতে আন্তক্ৰিয়া কৰিব পাৰে ।

দুৰ্ঘটনাত পতিত কন্ঠশিল্পী ৰূপম ভূঞা

Image
জনপ্ৰিয় কণ্ঠশিল্পী ৰূপম ভূঞা  গুৰুতৰ ভাবে আহত। মটৰ চাইকেল দুৰ্ঘটনাত পতিত হৈছে জনপ্ৰিয় শিল্পীগৰাকী।  মুখ আৰু মূৰত গুৰুতৰ ভাবে আঘাত পোৱা ৰূপম ভূঞাক সংকটজনক অৱস্থাত মহানগৰীৰ হায়াত হাস্পতালত ভৰ্তি কৰোৱা হৈছে। জানিব পৰা মতে, কণ্ঠশিল্পীগৰাকীৰ মুখৰ কেইবা ঠাইতো চিলাই পৰিছে। উল্লেখযোগ্য যে, যোৱা বছৰ ৰূপম ভূঞাই হেৰুৱাইছিল নিজৰ পত্নীক। দ্বিতীয়টো সন্তান জন্ম হোৱাৰ পিছতে দুৰ্ভাগ্যজনক ভাবে মৃত্যুক সাৱটি লৈছিল ৰূপম ভূঞাৰ পত্নীয়ে।

পুনৰ অসুস্থ আচুৰ্য বৰপাত্ৰ

Image
  পুনৰ অসুস্থ কণ্ঠশিল্পী আচুৰ্য বৰপাত্ৰ। বিগত ছদিন ধৰি জি এন আৰ চিত চিকিৎসাধীন জনপ্ৰিয় কণ্ঠশিল্পীগৰাকী। টনছিলৰ ইনফেকচনত ভুগি আছে কণ্ঠশিল্পীগৰাকী। যাৰ বাবে প্ৰায় দুমাহ গান গাব নোৱাৰিব তেওঁ। উল্লেখযোগ্য যে কিছুদিন পূৰ্বে কোভিডত আক্ৰান্ত হৈছিল আচুৰ্য। আনহাতে বিগত বৰ্ষতো টনছিলত আক্ৰান্ত হৈ চিকিৎসাধীন হৈছিল কণ্ঠশিল্পীগৰাকী।