Barasharani Weds Bhaskar Baruah

 উখল মাখল পৰিৱেশে বিৰাজ কৰিছে মৰিগাওঁ জিলাৰ মায়ঙৰ গৰাঙ মন্দিৰত। বহু জল্পনা কল্পনাৰ মাজত আজি মোহময়ী অভিনেত্ৰী বৰষা ৰানী বিষয়া বিয়া।



অতীতৰ সকলো দুখ বেদনা পাহৰি আকৌ ৰঙীন হ’ল অভিনেত্ৰী বৰষা ৰানী বিষয়াৰ বাটৰুৱা পথৰ উকা কঁপাল। আজি ভাস্কৰ বৰুৱাৰ সৈতে নতুন জীৱন আৰম্ভ কৰিবলৈ ওলাইছে অভিনেত্ৰী গৰাকীয়ে।

সোমবাৰে হোমৰ জুইক সাক্ষী কৰি বিবাহ পাশত আবদ্ধ হ’ল জনপ্ৰিয় অভিনেত্ৰী বৰষা ৰাণী বিষয়া। অনুৰাগী সকলৰ বহু প্ৰতীক্ষাৰ অন্তত কেমেৰাত নহয় বাস্তৱত কইনা সাজ পিন্ধি হোমৰ গুৰিত বহিল মোহময়ী অভিনেত্ৰীগৰাকীয়ে।আয়তীৰ উৰুলিৰে মুখৰিত হ’ল ৰভাতলী।

https://youtu.be/qg3UzuxLugA

নতুন ইনিংছ আৰম্ভ হ’ল অভিনেত্ৰী গৰাকীৰ।বৰষা ৰাণী বিষয়াই জীৱন সংগী ৰূপে বৰমালা পিন্ধালে যোৰহাটৰ এজন যুৱক ভাস্কৰ বৰুৱাক। যোৰহাটৰ বাহনাত ঘৰ ভাস্কৰৰ। বিবাহৰ সকলো আনুষ্ঠানিকতা অনুষ্ঠিত হ’ল মায়ঙৰ গৰঙা মন্দিৰত। দুয়োলৈ অফুৰন্ত শুভকামনা।


Comments

Popular posts from this blog

আচুৰ্যৰ হোটেল চাওঁক

নাহিদে বঁটাটো ঘূৰাই দিব !!

থোৰতে তৰুণ গগৈ দেৱৰ কিছু কথা