Posts

Showing posts from September, 2021

বলিউদৰ কন্ঠশিল্পী চানৰ সৈতে অসমৰ ফেৰী প্ৰিয়া

Image
 বলিউদৰ কন্ঠশিল্পী চানৰ সৈতে অসমৰ এগৰাকী জনপ্ৰিয় অভিনেত্ৰী ফেৰী প্ৰিয়াক দেখিবলৈ পোৱা যাব ‌‌‌‌‌‌‌‌‌এটা নতুন হিন্দী গানৰ ভিডিঅ'ত । বৰ্তমান মুম্বাইতে আছে অভিনেত্ৰী গৰাকী । খাপলাং কাই ধাৰাবাহিকৰ ৰহিলা চৰিত্ৰত অভিনয় কৰিছিল ফেৰী প্ৰিয়াই ।

ভৃগু কাশ্যপৰ নতুন ব্যৱসায়

Image
 অসমৰ এগৰাকী জনপ্ৰিয় কন্ঠশিল্পী ভৃগু কাশ্যপ আৰু তেখেতৰ পত্নী প্ৰিয়মে মুকলি কৰিলে এখন বিউতি চেলুন , চছিয়েল মেডিয়াত এই কথা জনোৱাৰ লগতে ৰাইজক নিমন্ত্ৰণো জনায় । ঠিকনাটো হৈছে - “STYLE STUFF UNISEX & FAMILY SALON” ADDRESS :- NEAR SEWALI PATH, HATIGAON  BESIDE MEDICITY. Step In For ~ HAIR || BEAUTY || TATTOO || NAIL EXTENSION || BRIDAL & PARTY MAKE-UP ||  FOR DETAILS :- 9395535076 মুকলি অনুষ্ঠানত ভৃগুৰ বন্ধু তথা কন্ঠশিল্পী ৰাকেশ ৰিয়ান,তেখেতৰ পত্নী,ভৃগুৰ পিতৃ মাতৃ , অভিনেত্ৰী ডোলা পল উপস্হিত থাকে । সকলোৱে শুভকামনা জনায় ভৃগু কাশ্যপক ।

মুম্বাইত জিলিকিছে সুৰভি আৰু সুকন্যা

Image
 অসমৰ এগৰাকী জনপ্ৰিয় অভিনেত্ৰী সুকন্যা বৰুৱাক দেখিবলৈ পোৱা গৈছে হিন্দী ছিৰিয়েল নীমা ডেনজংপাত । নীমাৰ চৰিত্ৰত অভিনয় কৰিছে অসমৰ আন এগৰাকী জনপ্ৰিয় অভিনেত্ৰী সুৰভী দাসে । সুৰভি আৰু সুকন্যা দুয়ো ভাল বান্ধৱী । বৰ্তমান দুয়ো একেলগে মুম্বাইত হিন্দী ছিৰিয়েল নীমা ডেনজংপাত অভিনয় কৰি আছে । নীমাৰ জীয়েকৰ চৰিত্ৰত অভিনয় কৰিছে সুকন্যাই ‌।

আইমী বৰুৱাৰ সন্তানৰ স্বৰ্ণ জয়

Image
 মন্ত্ৰী পিযুষ হাজৰিকা আৰু আইমী বৰুৱাৰ দুই সন্তানৰ স্বৰ্ণ জয় অসমৰ প্ৰভাৱশালী ৰাজনীতিবিদ সকলৰ অন্যতম পিযুষ হাজৰিকা। কেইদিনমান আগতে অসম টেবল টেনিছ সন্থাৰ সভাপতিৰ দৰে গুৰুত্বপূৰ্ণ পদতো অধিষ্ঠিত হৈছে মন্ত্ৰী হাজৰিকা। ইপিনে, তেওঁৰ পত্নী আইমি বৰুৱাও ৰাজ্যখনৰ এগৰাকী বিশিষ্ট অভিনেত্ৰী।  ৰাজনীতিত পিযুষ হাজৰিকাই আৰু অভিনয় ক্ষেত্ৰত আইমী বৰুৱাই জনপ্ৰিয়তা অর্জন কৰাৰ বিপৰীতে তেওঁলোকৰ দুই সন্তান উজলি উঠিছে আন এক ক্ষেত্ৰত। পিযুষ হাজৰিকা আৰু আইমি বৰুৱাৰ দুগৰাকী সন্তান এইবাৰ জিলিকি উঠিছে ক্রীড়াক্ষেত্ৰত। দেওবাৰে দিছপুৰ স্কেটিং ৰিংকত অনুষ্ঠিত অল গুৱাহাটী স্পীড স্কেটিং প্ৰতিযোগিতাত মন্ত্ৰী পিযুষ হাজৰিকাৰ পুত্ৰ অথৰ্ব অৰ্জুন হাজৰিকা আৰু কন্যা আৰোহী আদিৰা হাজৰিকাই লাভ কৰিবলৈ সক্ষম হয় স্বৰ্ণ পদক। অথৰ্ব অৰ্ণব হাজৰিকাই ৯ বছৰ অনুর্ধ শাখাত অংশগ্ৰহণ কৰি স্বৰ্ণ জয় কৰাৰ বিপৰীতে কন্যা আৰোহী আদিৰা হাজৰিকাই অনুর্ধ ৫ বছৰ শাখাত স্বৰ্ণ পদক অৰ্জন কৰে। উল্লেখযোগ্য যে কন্যা আৰোহীৰ এইখনেই আছিল জীৱনৰ প্ৰথমখন প্ৰতিযোগিতা। তাৰ বিপৰীতে মন্ত্ৰী পুত্ৰ অথৰ্বৰ এয়া আছিল ক্রীড়া জীৱনৰ সপ্তমটো পদক ্্।

চৰকাৰক কি আহ্বান জনালে দীপলিনাই ?

Image
 চছিয়েল মেডিয়াত এটা পোষ্ট শ্বেয়াৰ কৰি দীপলিনাই কয় এনেদৰে , কিছু বিশেষ দৃশ্যগ্ৰহণৰ বাবে কেইদিনমান ধৰি  মই অসমৰ বাহিৰত থাকিবলগীয়া হৈছে  যাৰ বাবে কাৰো সৈতে যোগাযোগ হোৱা নাই তথা mobile network দুৰ্বল বাবে সামাজিক মাধ্যমৰ পৰাও বিৰত আছো।  তথাপিও মাজুলীৰ ঘটনাটো শুনাৰে পৰা মই কোনো কথাত মনোযোগ দিব পৰা নাই। মাজুলীৰ ফেৰী দুৰ্ঘটনাটো  অতি শোকাৱহ আৰু মৰ্মান্তিক। দুৰ্ঘটনাটোত পতিত হৈ মৃত্যুৰ মুখত পৰা প্ৰতিগৰাকী ব্যক্তিলৈ গভীৰ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছো আৰু পৰিয়ালবৰ্গলৈ সমবেদনা জনাইছো। শেষত এইটোৱে কব খোজো, এনেকুৱা দুৰ্ঘটনা সমূহ প্ৰায়ে ঘটি থকা দেখিবলৈ পোৱা যায়, গতিকে নাও বা ফেৰীত যাতায়ত কৰা ব্যক্তিসকলৰ জীৱনৰ নিৰাপত্তা নিশ্চিত কৰাৰ ব্যৱস্থা গ্ৰহণ কৰিব লাগে । অসমৰ সত্ৰীয়া সংস্কৃতিৰ পীঠস্থান মাজুলিলৈ যোগাযোগ ব্যৱস্থাৰ উন্নয়নৰ বাবে তৎকালীনভাবে  এখন দলং স্থাপনৰো দাবী জনাইছো।।