আইমী বৰুৱাৰ সন্তানৰ স্বৰ্ণ জয়

 মন্ত্ৰী পিযুষ হাজৰিকা আৰু আইমী বৰুৱাৰ দুই সন্তানৰ স্বৰ্ণ জয়




অসমৰ প্ৰভাৱশালী ৰাজনীতিবিদ সকলৰ অন্যতম পিযুষ হাজৰিকা। কেইদিনমান আগতে অসম টেবল টেনিছ সন্থাৰ সভাপতিৰ দৰে গুৰুত্বপূৰ্ণ পদতো অধিষ্ঠিত হৈছে মন্ত্ৰী হাজৰিকা। ইপিনে, তেওঁৰ পত্নী আইমি বৰুৱাও ৰাজ্যখনৰ এগৰাকী বিশিষ্ট অভিনেত্ৰী।  ৰাজনীতিত পিযুষ হাজৰিকাই আৰু অভিনয় ক্ষেত্ৰত আইমী বৰুৱাই জনপ্ৰিয়তা অর্জন কৰাৰ বিপৰীতে তেওঁলোকৰ দুই সন্তান উজলি উঠিছে আন এক ক্ষেত্ৰত।

পিযুষ হাজৰিকা আৰু আইমি বৰুৱাৰ দুগৰাকী সন্তান এইবাৰ জিলিকি উঠিছে ক্রীড়াক্ষেত্ৰত। দেওবাৰে দিছপুৰ স্কেটিং ৰিংকত অনুষ্ঠিত অল গুৱাহাটী স্পীড স্কেটিং প্ৰতিযোগিতাত মন্ত্ৰী পিযুষ হাজৰিকাৰ পুত্ৰ অথৰ্ব অৰ্জুন হাজৰিকা আৰু কন্যা আৰোহী আদিৰা হাজৰিকাই লাভ কৰিবলৈ সক্ষম হয় স্বৰ্ণ পদক। অথৰ্ব অৰ্ণব হাজৰিকাই ৯ বছৰ অনুর্ধ শাখাত অংশগ্ৰহণ কৰি স্বৰ্ণ জয় কৰাৰ বিপৰীতে কন্যা আৰোহী আদিৰা হাজৰিকাই অনুর্ধ ৫ বছৰ শাখাত স্বৰ্ণ পদক অৰ্জন কৰে।

উল্লেখযোগ্য যে কন্যা আৰোহীৰ এইখনেই আছিল জীৱনৰ প্ৰথমখন প্ৰতিযোগিতা। তাৰ বিপৰীতে মন্ত্ৰী পুত্ৰ অথৰ্বৰ এয়া আছিল ক্রীড়া জীৱনৰ সপ্তমটো পদক ্্।

Comments

Popular posts from this blog

আচুৰ্যৰ হোটেল চাওঁক

নাহিদে বঁটাটো ঘূৰাই দিব !!

থোৰতে তৰুণ গগৈ দেৱৰ কিছু কথা