চৰকাৰক কি আহ্বান জনালে দীপলিনাই ?



 চছিয়েল মেডিয়াত এটা পোষ্ট শ্বেয়াৰ কৰি দীপলিনাই কয় এনেদৰে ,

কিছু বিশেষ দৃশ্যগ্ৰহণৰ বাবে কেইদিনমান ধৰি  মই অসমৰ বাহিৰত থাকিবলগীয়া হৈছে  যাৰ বাবে কাৰো সৈতে যোগাযোগ হোৱা নাই তথা mobile network দুৰ্বল বাবে সামাজিক মাধ্যমৰ পৰাও বিৰত আছো। 

তথাপিও মাজুলীৰ ঘটনাটো শুনাৰে পৰা মই কোনো কথাত মনোযোগ দিব পৰা নাই। মাজুলীৰ ফেৰী দুৰ্ঘটনাটো  অতি শোকাৱহ আৰু মৰ্মান্তিক। দুৰ্ঘটনাটোত পতিত হৈ মৃত্যুৰ মুখত পৰা প্ৰতিগৰাকী ব্যক্তিলৈ গভীৰ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছো আৰু পৰিয়ালবৰ্গলৈ সমবেদনা জনাইছো।

শেষত এইটোৱে কব খোজো, এনেকুৱা দুৰ্ঘটনা সমূহ প্ৰায়ে ঘটি থকা দেখিবলৈ পোৱা যায়, গতিকে নাও বা ফেৰীত যাতায়ত কৰা ব্যক্তিসকলৰ জীৱনৰ নিৰাপত্তা নিশ্চিত কৰাৰ ব্যৱস্থা গ্ৰহণ কৰিব লাগে । অসমৰ সত্ৰীয়া সংস্কৃতিৰ পীঠস্থান মাজুলিলৈ যোগাযোগ ব্যৱস্থাৰ উন্নয়নৰ বাবে তৎকালীনভাবে  এখন দলং স্থাপনৰো দাবী জনাইছো।।

Comments

Popular posts from this blog

আচুৰ্যৰ হোটেল চাওঁক

নাহিদে বঁটাটো ঘূৰাই দিব !!

থোৰতে তৰুণ গগৈ দেৱৰ কিছু কথা