Posts

কহিনুৰত এইবাৰ A B C D

Image
  ৪৮সংখ্যক নাট্যবৰ্ষৰ বাবে আখৰাৰ পাতনি মেলিলে কহিনুৰ থিয়েটাৰে । এদল নবীন-প্ৰবীণ শিল্পীৰ সমাহাৰেৰে 2023-24 বৰ্ষৰ যাত্ৰা আৰম্ভ কহিনুৰৰ। নাট্যকাৰ মৃদুল চুতীয়াৰ ABCD, চম্পক শৰ্মাৰ দীপাৱলী আৰু মনজিৎ শৰ্মাৰ I LOVE YOU এই তিনিখন নাটক মঞ্চস্থ হ'ব কহিনুৰৰ মঞ্চত। অমৱস্যাৰ আন্ধাৰ ফালি জগত পোহৰাই দীপাৱলিত ৰামচন্দ্ৰ আহিব নে অযোধ্যালৈ ?  জানিবলৈ উপভোগ কৰিব লাগিব কহিনুৰ থিয়েটাৰৰ মঞ্চত মঞ্চস্থ হ'বলগীয়া চম্পক শৰ্মাৰ ৰচিত তথা প্ৰযোজক,পৰিচালক তপন লহকৰৰ পৰিচালনাৰে দীপাৱলি। আখৰে জীৱন নিৰ্মাণ নকৰে,জীৱনে নিৰ্মাণ কৰে আখৰ,যেনে A B C D ....  সম্পূৰ্ণ এক ব্যতিক্ৰমী কাহিনীৰ পটভূমিত কহিনুৰ থিয়েটাৰৰ মঞ্চত 2023-24 নাট্যবৰ্ষত মঞ্চস্থ হ'ব মৃদুল চুতীয়াৰ A B C D ...এই নাটকখনৰ নামটো দক্ষিণৰ চিনেমা এখনৰ লগত মিলে যদিও কাহিনী দুয়োখনৰে পৃথক ।   ৰত্নাকৰ,ডক্তৰ বেজবৰুৱা ২ ছবিৰ সহযোগী পৰিচালক,ৰাজনীতি ছবিৰ পৰিচালক,বহুকেইখন জনপ্ৰিয় ধাৰাবাহিকৰ স্ৰষ্টা তথা অভিনেতা মনজিত শৰ্মা এইবাৰ নাট্যকাৰৰ ৰূপত অভিষেক ঘটিব ঐতিহ্যমণ্ডিত কহিনুৰ থিয়েটাৰৰ মঞ্চত। মনজিত শৰ্মাৰ কলমত প্ৰাণ পাই উঠিছে এটি সম্পূৰ্ণ ব্যতিক্ৰমী কাহিনীৰে আই

নাহিদে বঁটাটো ঘূৰাই দিব !!

Image
 গানটোৰ নামটো লিখোতে ভুল হ’ল, নাহিদে পুৰস্কাৰ ঘূৰাই দিব নালাগে-মন্ত্ৰী বিমল বৰা।                      নাহিদে পুৰস্কাৰটো ঘূৰাই দিব লাগে - মন্ত্ৰী পিযুষ হাজৰিকা ।                                                     পুৰস্কাৰটো নাহিদকেই দিয়া হৈছে -অধ্যক্ষ সীমান্ত শেখৰ কিবা এটা ভুল হৈছে : পৰিচালক মুন্না আহমেদ  ।    আমি একো নাজানো : বিচাৰক মণ্ডলী (জুৰী)  ।        মোৰ একো ভুল নাই,ভুল যদি হৈছে বিচাৰকৰ হৈছে - নাহিল আফ্ৰিন । এই সকলোবোৰ খেলিমেলিৰ অৱসান ঘটাই জুৰীৰ সদস্য বিশিষ্ট পৰিচালক চন্দ্ৰ মূদৈয়ে জনায় যে এই বঁটাটো নাহিদকে দিয়া হৈছিল। জুৰী বৰ্ডৰ ভুল হৈছিল । আমি ভুল স্বীকাৰ কৰিছো । এনেদৰে কয় পৰিচালক গৰাকীয়ে।

আচুৰ্যৰ হোটেল চাওঁক

Image
 অসমৰ এগৰাকী জনপ্ৰিয় কন্ঠশিল্পী আচুৰ্য বৰপাত্ৰ। কন্ঠশিল্পী হোৱাৰ উপৰিও আচুৰ্যৰ আছে আন এক পৰিচয় । ব্যৱসায়ী হিচাপেও সফল আচুৰ্য। পিছে কিহৰ business কৰে আচুৰ্যই ?      গোৱাত আছে আচুৰ্যৰ এখন বিলাসী হোটেল । গোৱাৰ Baga Beachৰ তীৰত আছে এই‌ হোটেল খন । থকাৰ সু-ব্যৱস্থা আছে হোটেলখনত ।হোটেল খনৰ নাম Emmanuel Baga Beach । North Goaত থকা হোটেলখনৰ পৰা Baga beach লৈ বেছি দূৰ নহয় । গানৰ shooting কৰিব গৈ গোৱাত ব্যৱসায় আৰম্ভ কৰিলে আচুৰ্যই ।

ভাইৰেল কৰিশ্মা ...কৰিশ্মাৰ ভিডিঅ' সকলোৰে হাতে হাতে

Image
 Social Mediaত Viralহৈ পৰিছে এটা video . এগৰাকী নাগাৰা নামৰ পঠিকাৰ ভিডিঅ' ভাইৰেল হৈ পৰিছে । সুন্দৰী যুৱতী গৰাকীয়ে আপোনপাহৰা হৈ নৃত্য কৰা দৃশ্যই মুগ্ধ কৰিছে লাখ লাখ দৰ্শকক । যুৱতীগৰাকীৰ নাম কৰিশ্মা নাথ । নৱ প্ৰজন্মৰ এই গৰাকী উদিয়মান নাগৰা পাঠকনি কৰিশ্মা নাথে দৰ্শক ৰাইজক আকৰ্ষিত কৰা এক সুন্দৰ অভিনয়ে আপ্লুত কৰিলে ৰাজ্যবাসীক৷ নাগাৰা নামত যুৱতীগৰাকীয়ে কৰা নৃত্য আৰু ভংগীমাৰ বাবে ভাইৰেল হৈ পৰিছে এই ভিডিঅ’টো। বহু লোকে শ্বেয়াৰ কৰিছে এই ভিডিঅ’টো।ভিডিঅ’ত যুৱতীগৰাকীয়ে এটা বিয়ানামৰ সুৰত নৃত্য কৰা দেখা গৈছে। হাঁহি হাঁহি যুৱতীগৰাকীয়ে কৰা এই নৃত্যৰ ভিডিঅ’ এতিয়া বিয়পি পৰিছে ছচিয়েল মিডিয়াত।

নিপন গোস্বামীৰ দেহাৱসান

Image
 # বিশিষ্ট অভিনেতা নিপন গোস্বামী আৰু নাই #৯.১৫ মিনিটত নেমকেয়াৰ হাস্পতালত শেষ নিশ্বাস ত্যাগ অভিনেতা গৰাকীৰ  #দীৰ্ঘদিনৰ পৰা হৃদৰোগত আক্ৰান্ত হৈ আছিল অভিনেতা গৰাকী    নিপন গোস্বামীয়ে ১৯৪৭ চনত তেজপুৰৰ কলিবাৰীত জন্ম গ্ৰহণ কৰিছিল । স্কুলত পঢ়ি থকা দিনতেই নিপন গোস্বামীয়ে প্ৰথম অভিনয় কৰিছিল। আঠ নে ন বছৰ বয়সত তেখেতে প্ৰথমে ‘লাচিত বৰফুকন’ নাটকত স্কুলীয়া লগৰীয়া কেইজনমানৰ লগত অভিনয় কৰিছিল। নিপন গোস্বামীৰ অভিনীত প্ৰথম ছবি আছিল ১৯৫৭ চনত মুক্তিপ্ৰাপ্ত ফণী শৰ্মাৰদ্বাৰা পৰিচালিত ‘পিয়লি ফুকন। তেওঁ ডক্তৰ বেজবৰুৱা, আজলী নবৌ, ককাদেউতাৰ নাতি আৰু হাতী, হিয়া দিয়া নিয়া, বৰুৱা সংসাৰৰ দৰে বহুতো Superhit ছবিত অভিনয় কৰিছিলে।তেখেতে ১০০ ৰো অধিক ছবিত অভিনয় কৰিছিল। কহিনুৰ,আৱাহন, হেঙুল, শকুন্তলা থিয়েটাৰতো অভিনয় কৰিছিল । তেওঁক অসমৰ আগশাৰীৰ নাট্যগোষ্ঠী আৱাহন থিয়েটাৰে ২০২১ বৰ্ষত ড০ ভবেন্দ্ৰ নাথ শইকীয়া বঁটাৰে সন্মানিত কৰিছিল। মুনিন বৰুৱাৰ লগত যৌথ ভাৱে তেখেতে ‘প্ৰতিমা’ নামৰ বোলছবিখন পৰিচালনা কৰিছিল।তেওঁৰ মৃত্যু অসমিয়া চলচ্চিত্ৰ জগতৰ বাবে এক অপূৰণীয় ক্ষতি।

দীম্পুৰ বিয়া

Image
 নিজৰ জনপ্ৰিয়তাৰ বাবে সততে চৰ্চাত থকা ডিম্পু বৰুৱা। এইবাৰ পুনৰ চৰ্চা লৈ আহিছে । দৰাৰ সাজত দেখা গৈছে ডিম্পু বৰুৱাক। দৰাৰ সাজ পিন্ধা এই ভিডিঅ’ ইতিমধ্যে নিজৰ ইনষ্টাগ্ৰাম হেণ্ডেলত শ্বেয়াৰ কৰিছে ডিম্পুৱে। সঁচাই ডিম্পুৰ বিয়া নেকি? কইনা কোন? বহু জনে শুভেচ্ছা জনাইছে দিম্পুক । পিছে এয়া এক Promotional Video Shootহে । দীম্পুৰ লগত কইনা সাজত তম্মনা হাজৰিকা । যি নহওঁক বহুতেই ভাল দেখিছে দিম্পু আৰু তম্মনাৰ যোৰাটো ।

বিধায়কক ধমক দিয়াই কাল হ'ল নেকি জোনমণিৰ ?

Image
 ৰাজনৈতিক ষড়যন্ৰৰ স্বীকাৰ হ'ল নেকি SI জোনমণি ৰাভা । বিধায়ক অমিয় কুমাৰ ভূঞাক নীতিশিক্ষাৰ পাঠ শিকোৱা জোনমণি ৰাভা এতিয়া ৰঙাঘৰৰ আলহী ।  জোনমণি ৰাভাৰ দুটাকৈ বেংক একাউন্টত 20লাখৰো অধিক টকা কেনেকৈ সোমাল ? তাৰ সঠিক উত্তৰ দিব নোৱাৰিলে জোনমণিয়ে । জোনমণিয়ে তেওঁ হ'বলগীয়া স্বামী ৰাণা পগাগক বিশ্বাস কৰাৰ ফলতেই এই অৱস্থা হ'ল বুলি জনায় । চাকৰি হেৰুৱাৰ লগতে গ্ৰেপ্তাৰ হয় জোনমণি । কিছু ৰহস্যজনক হৈ পৰা এই ঘটনাৰ কি সচা কি মিছা সময়ত সকলো পোহৰলৈ আহিব ।