কহিনুৰত এইবাৰ A B C D

 


৪৮সংখ্যক নাট্যবৰ্ষৰ বাবে আখৰাৰ পাতনি মেলিলে কহিনুৰ থিয়েটাৰে । এদল নবীন-প্ৰবীণ শিল্পীৰ সমাহাৰেৰে 2023-24 বৰ্ষৰ যাত্ৰা আৰম্ভ কহিনুৰৰ। নাট্যকাৰ মৃদুল চুতীয়াৰ ABCD, চম্পক শৰ্মাৰ দীপাৱলী আৰু মনজিৎ শৰ্মাৰ I LOVE YOU এই তিনিখন নাটক মঞ্চস্থ হ'ব কহিনুৰৰ মঞ্চত।
অমৱস্যাৰ আন্ধাৰ ফালি জগত পোহৰাই দীপাৱলিত ৰামচন্দ্ৰ আহিব নে অযোধ্যালৈ ?  জানিবলৈ উপভোগ কৰিব লাগিব কহিনুৰ থিয়েটাৰৰ মঞ্চত মঞ্চস্থ হ'বলগীয়া চম্পক শৰ্মাৰ ৰচিত তথা প্ৰযোজক,পৰিচালক তপন লহকৰৰ পৰিচালনাৰে দীপাৱলি।
আখৰে জীৱন নিৰ্মাণ নকৰে,জীৱনে নিৰ্মাণ কৰে আখৰ,যেনে A B C D ....  সম্পূৰ্ণ এক ব্যতিক্ৰমী কাহিনীৰ পটভূমিত কহিনুৰ থিয়েটাৰৰ মঞ্চত 2023-24 নাট্যবৰ্ষত মঞ্চস্থ হ'ব মৃদুল চুতীয়াৰ A B C D ...এই নাটকখনৰ নামটো দক্ষিণৰ চিনেমা এখনৰ লগত মিলে যদিও কাহিনী দুয়োখনৰে পৃথক ।
  ৰত্নাকৰ,ডক্তৰ বেজবৰুৱা ২ ছবিৰ সহযোগী পৰিচালক,ৰাজনীতি ছবিৰ পৰিচালক,বহুকেইখন জনপ্ৰিয় ধাৰাবাহিকৰ স্ৰষ্টা তথা অভিনেতা মনজিত শৰ্মা এইবাৰ নাট্যকাৰৰ ৰূপত অভিষেক ঘটিব ঐতিহ্যমণ্ডিত কহিনুৰ থিয়েটাৰৰ মঞ্চত। মনজিত শৰ্মাৰ কলমত প্ৰাণ পাই উঠিছে এটি সম্পূৰ্ণ ব্যতিক্ৰমী কাহিনীৰে আই লাভ ইউ । য'ত দৰ্শকে বিচাৰি পাব নাটকে বিচৰাধৰণৰ অভিনৱ কাৰিকৰী কৌশল।

Comments

Popular posts from this blog

আচুৰ্যৰ হোটেল চাওঁক

নাহিদে বঁটাটো ঘূৰাই দিব !!

থোৰতে তৰুণ গগৈ দেৱৰ কিছু কথা