Posts

Showing posts from April, 2021

বিহুসম্ৰাজ্ঞী মৌচুমী শইকীয়াৰ বিয়োগ

Image
 বিহুসম্ৰাজ্ঞী মৌচুমী শইকীয়াৰ বিয়োগ । ২০০১ চনত বিহুসম্ৰাজ্ঞীৰ সন্মান পোৱা মৌচুমী শইকীয়াৰ বিয়োগ অসমৰ সাংস্কৃতিক জগতখনৰ বাবে অপূৰণীয় ক্ষতি। তেখেতৰ বিদেহ আত্মাৰ চিৰশান্তি কামনা কৰাৰ লগতে শোকাহত পৰিয়ালবৰ্গলৈ সমবেদনা জ্ঞাপন কৰিছোঁ।                                  

বিশিষ্ট কথাশিল্পী, স্বনামধন্য সাহিত্যিক, জেষ্ঠ্য সাংবাদিক হোমেন বৰগোহাঞি ক’ভিড ১৯ ত আক্ৰান্ত

Image
  বিশিষ্ট কথাশিল্পী, স্বনামধন্য সাহিত্যিক, জেষ্ঠ্য সাংবাদিক হোমেন বৰগোহাঞি ক’ভিড ১৯ ত আক্ৰান্ত হৈছে । শনিবাৰে এন্টিজেন টেষ্টত বৰেণ্য সাংবাদিক গৰাকীৰ শৰীৰত ক’ভিডৰ সংক্ৰমণ ধৰা পৰে । শৰীৰত কভিডৰ উপস্থিতি ধৰা পৰা পিছত তেওঁক গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালত ভৰ্তি কৰোৱা হয় । আনহাতে কণ্ঠশিল্পী জুবলীও কভিডত আক্ৰান্ত হৈছে। চৰ্দি আৰু কম-বেছি পৰিমাণে জ্বৰ হৈ আছিল জুবলীৰ। শেহতীয়াকৈ কৰা পৰীক্ষাত তেওঁৰ দেহত কভিডৰ অৱস্থিতি ধৰা পৰে। বৰ্তমান জুবলী হোম আইছলেশ্যনতে আছে বুলি জানিব পৰা গৈছে।

জুবলী আক্ৰান্ত কৰোণাত

Image
  কভিড পজিটিভ ধৰা পৰিছে জনপ্ৰিয় কন্ঠশিল্পী জুবলী বৰুৱাৰ দেহত । কিছুদিন ধৰি অসুস্থ হৈ আছিল কন্ঠশিল্পী গৰাকী । আৰ্শীবাদ কৰিব যাতে সোনকালেই আৰোগ্য হৈ উঠে ।  Social Mediaযোগে কি ক'লে চাঁঁওক

অৱশেষত মৃত্যুৰে হাৰ মানিলে ভিতালী দাসে।

Image
  অৱশেষত মৃত্যুৰে হাৰ মানিলে ভিতালী দাসে। অসমৰ বিশিষ্ট কণ্ঠশিল্পী ভিতালী দাস ক’ভিডত আক্ৰান্ত হৈ আজি সন্ধিয়া ৭.০৫ বজাত মৃত্যুমুখত পৰে। মৃত্যুৰ আগেয়ে ক’ভিড-১৯ নিগেটিভ আছিল যদিও ইতিমধ্যে সংকটজনক অৱস্থালৈ যোৱা স্বাস্থ্য পুনৰ ঘূৰাই পোৱা সম্ভৱ নহ’ল কণ্ঠশিল্পীগৰাকীৰ। যোৱা ১৫ এপ্ৰিলত মহানগৰীৰ কালাপাহাৰস্থিতি ক’ভিড হাস্পতালত ভৰ্তি কৰোৱা হৈছিল কণ্ঠশিল্পীগৰাকীক। কণ্ঠশিল্পীগৰাকীৰ স্বাস্থ্যৰ অৱস্থা সংকটজনক হৈ পৰাত আইচিউত ভৰ্তি কৰোৱা হয়। কিন্তু চিকিৎসাধীন অৱস্থাতে শেষ নিশ্বাস ত্যাগ কৰে কণ্ঠশিল্পীগৰাকীয়ে। জনপ্ৰিয় এলবাম জানমণি, অঞ্জনাকে ধৰি বিভিন্ন বিহুগীতৰ লগতে আধুনিক গীতত কণ্ঠদান কৰি অসমৰ সংগীত জগতত অৱদান আগবঢ়োৱা কণ্ঠশিল্পীগৰাকীৰ মৃত্যুৱে শোকাকুল কৰি তুলিছে ৰাজ্যবাসীক।

নিৰ্বাচনৰ প্ৰচাৰ কাটি কৰি মাতৃৰ শেষ কৰ্মত পুত্ৰ

Image
  নিৰ্বাচনৰ প্ৰচাৰ কাটি কৰি মাতৃৰ শেষ কৰ্মত পুত্ৰ নিৰ্বাচনৰ প্ৰচাৰ কাটি কৰি মাতৃৰ শেষ কৰ্মত পুত্ৰ। আজি শেষ কৃত্য সমাপন হয় অজাপৰ সভাপতি লুৰিণ জ্যোতি গগৈৰ মাতৃ দুলু গগৈৰ । মাতৃৰ শেষ কৃত্যত উচুপি উঠে পুত্ৰ । পুৱা ডিব্ৰুগড়স্থিত সঞ্জীৱনী হাস্পতালৰ পৰা পোনেই ঘৰলৈ নিয়ে মৃতদেহ। ডিব্ৰুগড় জিলাৰ লাইপুলি মৰাণকাৰী গাঁৱত বিয়লি সময়ত শেষ কৃত্য সমাপন হয়। অসম জাতীয় পৰিষদৰ সভাপতি লুৰীণ জ্যোতি গগৈৰ মাতৃ দুলু গগৈয়ে বুধবাৰে নিশা প্ৰায় ১০.৪৫ বজাত শেষ নিশ্বাস ত্যাগ কৰিছিল। উচ্চ ৰক্তচাপত আক্ৰান্ত হৈ ডিব্ৰুগড়স্থিত সঞ্জীৱনী হাস্পতালত চিকিৎসাধীন হৈ আছিল দুলু গগৈ। যোৱা ২৯ মাৰ্চত হঠাত ব্ৰেইন ষ্ট্ৰোক হোৱাত সংকটজনক অৱস্থাত তেওঁক ভৰ্তি কৰোৱা হৈছিল হাস্পতালত। হাস্পতালত দুটা দিন মাতৃক শুশ্ৰুষা কৰি বুধবাৰে পুনৰ নামনি অসমৰ কেইবাটাও সমষ্টিত প্ৰচাৰ আৰম্ভ কৰিছিল, কিন্তু নিশা অহা এই খবৰৰ পিছতেই ডিব্ৰুগড়লৈ ৰাওনা হয় লুৰীণ জ্যোতি গগৈ। ছাত্ৰ সন্থাৰ প্ৰাক্তন সাধাৰণ সম্পাদক গৰাকীৰ মাতৃৰ বিয়োগত অসম জাতীয় পৰিষদৰ লগতে বিভিন্ন দল-সংগঠন তথা অসমৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে শোক প্ৰকাশ কৰে।        এক প্ৰেছ বিবৃত্তিযোগে লুৰী