অৱশেষত মৃত্যুৰে হাৰ মানিলে ভিতালী দাসে।

 


অৱশেষত মৃত্যুৰে হাৰ মানিলে ভিতালী দাসে। অসমৰ বিশিষ্ট কণ্ঠশিল্পী ভিতালী দাস ক’ভিডত আক্ৰান্ত হৈ আজি সন্ধিয়া ৭.০৫ বজাত মৃত্যুমুখত পৰে। মৃত্যুৰ আগেয়ে ক’ভিড-১৯ নিগেটিভ আছিল যদিও ইতিমধ্যে সংকটজনক অৱস্থালৈ যোৱা স্বাস্থ্য পুনৰ ঘূৰাই পোৱা সম্ভৱ নহ’ল কণ্ঠশিল্পীগৰাকীৰ।যোৱা ১৫ এপ্ৰিলত মহানগৰীৰ কালাপাহাৰস্থিতি ক’ভিড হাস্পতালত ভৰ্তি কৰোৱা হৈছিল কণ্ঠশিল্পীগৰাকীক। কণ্ঠশিল্পীগৰাকীৰ স্বাস্থ্যৰ অৱস্থা সংকটজনক হৈ পৰাত আইচিউত ভৰ্তি কৰোৱা হয়।কিন্তু চিকিৎসাধীন অৱস্থাতে শেষ নিশ্বাস ত্যাগ কৰে কণ্ঠশিল্পীগৰাকীয়ে। জনপ্ৰিয় এলবাম জানমণি, অঞ্জনাকে ধৰি বিভিন্ন বিহুগীতৰ লগতে আধুনিক গীতত কণ্ঠদান কৰি অসমৰ সংগীত জগতত অৱদান আগবঢ়োৱা কণ্ঠশিল্পীগৰাকীৰ মৃত্যুৱে শোকাকুল কৰি তুলিছে ৰাজ্যবাসীক।

Comments

Popular posts from this blog

আচুৰ্যৰ হোটেল চাওঁক

নাহিদে বঁটাটো ঘূৰাই দিব !!

থোৰতে তৰুণ গগৈ দেৱৰ কিছু কথা