নিৰ্বাচনৰ প্ৰচাৰ কাটি কৰি মাতৃৰ শেষ কৰ্মত পুত্ৰ

 নিৰ্বাচনৰ প্ৰচাৰ কাটি কৰি মাতৃৰ শেষ কৰ্মত পুত্ৰ



নিৰ্বাচনৰ প্ৰচাৰ কাটি কৰি মাতৃৰ শেষ কৰ্মত পুত্ৰ। আজি শেষ কৃত্য সমাপন হয় অজাপৰ সভাপতি লুৰিণ জ্যোতি গগৈৰ মাতৃ দুলু গগৈৰ । মাতৃৰ শেষ কৃত্যত উচুপি উঠে পুত্ৰ ।

পুৱা ডিব্ৰুগড়স্থিত সঞ্জীৱনী হাস্পতালৰ পৰা পোনেই ঘৰলৈ নিয়ে মৃতদেহ। ডিব্ৰুগড় জিলাৰ লাইপুলি মৰাণকাৰী গাঁৱত বিয়লি সময়ত শেষ কৃত্য সমাপন হয়।

অসম জাতীয় পৰিষদৰ সভাপতি লুৰীণ জ্যোতি গগৈৰ মাতৃ দুলু গগৈয়ে বুধবাৰে নিশা প্ৰায় ১০.৪৫ বজাত শেষ নিশ্বাস ত্যাগ কৰিছিল। উচ্চ ৰক্তচাপত আক্ৰান্ত হৈ ডিব্ৰুগড়স্থিত সঞ্জীৱনী হাস্পতালত চিকিৎসাধীন হৈ আছিল দুলু গগৈ।

যোৱা ২৯ মাৰ্চত হঠাত ব্ৰেইন ষ্ট্ৰোক হোৱাত সংকটজনক অৱস্থাত তেওঁক ভৰ্তি কৰোৱা হৈছিল হাস্পতালত। হাস্পতালত দুটা দিন মাতৃক শুশ্ৰুষা কৰি বুধবাৰে পুনৰ নামনি অসমৰ কেইবাটাও সমষ্টিত প্ৰচাৰ আৰম্ভ কৰিছিল, কিন্তু নিশা অহা এই খবৰৰ পিছতেই ডিব্ৰুগড়লৈ ৰাওনা হয় লুৰীণ জ্যোতি গগৈ।

ছাত্ৰ সন্থাৰ প্ৰাক্তন সাধাৰণ সম্পাদক গৰাকীৰ মাতৃৰ বিয়োগত অসম জাতীয় পৰিষদৰ লগতে বিভিন্ন দল-সংগঠন তথা অসমৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে শোক প্ৰকাশ কৰে।       

এক প্ৰেছ বিবৃত্তিযোগে লুৰীণজ্যোতি গগৈৰ মাতৃ দুলু গগৈৰ মৃত্যুত গভীৰ শোক প্ৰকাশ কৰে আলফা স্বাধীনেও।

“তেখেতৰ অকাল বিয়োগত সংযুক্ত মুক্তি বাহিনী, অসম (স্বাধীন) সংগঠনৰ প্ৰতিজন নেতা, বিষয়া, সদস্যই গভীৰ শোক প্ৰকাশ কৰাৰ লগতে শোকসন্তপ্ত পৰিয়াল বৰ্গলৈ আন্তৰিক সমবেদনা জনাই মৃতকৰ বিদেহী আত্মাৰ সদগতি কামনা কৰিলো।”

Comments

Popular posts from this blog

আচুৰ্যৰ হোটেল চাওঁক

নাহিদে বঁটাটো ঘূৰাই দিব !!

থোৰতে তৰুণ গগৈ দেৱৰ কিছু কথা