জনপ্ৰিয় পৰিচালক দাৰা আহমেদৰ মৃত্যু



 জনপ্ৰিয় পৰিচালক দাৰা আহমেদৰ মৃত্যু । অসমীয়া ছবিৰ জনপ্ৰিয় পৰিচালক দাৰা আহমেদৰ মৃত্যু।আজি পুৱা গুৱাহাটীৰ এপ’ল’ হাস্পাটালত তেওঁৰ মৃত্যু হয়।মৃত্যুৰ সময়ত তেওঁৰ বয়স হৈছিল ৭২ বছৰ।

পৰিয়ালৰ লোকে জানিবলৈ দিয়া অনুসৰি,কালি দুপৰীয়া ভাত খাই উঠাৰ পিছতেই হঠাৎ বুকুত এক বিষ অনুভৱ কৰাত তেওঁক ততাতৈয়াকৈ এপ’ল’ হাস্পটালত ভৰ্ত্তি কৰোৱা হৈছিল।ইয়াৰ পাছতেই চিকিৎসকে তেওঁক উন্নত চিকিৎসাৰ বাবে আই চি ইউত ভৰ্তি কৰিছিল।কিন্তু আজি পুৱা পৰিচালকগৰাকীয়ে চিকিৎসালয়তে শেষ নিঃশ্বাস ত্যাগ কৰে।

ডাঃ বেজবৰুৱাত সহকাৰী পৰিচালক হিচাপে কাম কৰা দাৰা আহমেদে দেৱী,প্ৰতিদান,পূজা,যখিনী,ৰিক্সাৱালা, উৰ্বশী আদি ছবি পৰিচালনা কৰিছে ।

Comments

Popular posts from this blog

আচুৰ্যৰ হোটেল চাওঁক

নাহিদে বঁটাটো ঘূৰাই দিব !!

থোৰতে তৰুণ গগৈ দেৱৰ কিছু কথা