অখিল গগৈৰ জয়

 এপলক উভতি -



সম্ভৱতঃ ২০০০ চনৰ কথা । বিয়া হৈ সংসাৰী হ'বলৈ মুঠেই মন নকৰা , কিতাপৰ বাহিৰে বন্ধু নথকা ছোৱালীজনীৰ  যেনেতেনে মুখৰ পৰা কথাষাৰ ওলাল ।  ‌তাই বিয়া হ'ব । কাৰ লগত হ'ব -- সংগ্ৰাম কৰা ল'ৰা এটাৰ লগত হ'ব । ঘৰখনে অলপ সকাহ পালে । খবৰ দিলে আমালৈ " জোনৰ বিয়া আহিবি । একো গিফ্ট- চিফ্ট  নানিবি । তাই কিন্তু খুব গালি পাৰিব । আহিবি আৰু এনেয়ে । " 

    গ'লো । মনেমনে তাই মোক নেদেখাকৈ তাইৰ মুখখন চালোঁ । কেনেকুৱা হৈ আছে এইজনী ! সকলোৰে ভয় তাইলৈ । তাইক ক'ব নোৱাৰে কোনেও ভাল চাই আজি কাপোৰ এজোৰ পিন্ধি ল বুলি । অলংকাৰতো বাদেই । ( ২০০০ চনত আধুনিক বিয়াবোৰ ওলাল কিন্তু) । মই  " নতুন পদাতিক " আলোচনীৰ বাবে অখিলক জানি আছিলোঁ আগৰে পৰা  অলপ অলপকৈ । বিয়াত দিনতে দৰা আহিল । লগত  দৰাৰ মাক , বায়েককেইজনী আৰু কেইজনমান  বন্ধু আহিল । গেটত  কলপুলি আছিল নাই পাহৰিলো । আমাৰ পৰিয়ালত আকৌ বাই-ভনী কেইজনী গোটখালে বিয়ানাম, জোৰানাম ঠিক চলি থাকে । আমাৰ মন আছিল , দৰা-কইনাক এচাট দিবলৈ । পিছে অলপহে সুবিধা পালোঁ ।  সাধাৰণ  নিয়মমতে  মাকে ফোঁট এটা দিলে । বাকী বায়েকহঁতে পাটৰকাপোৰ দুজোৰ আনিছিল হেনো । কইনাৰ অনুমতি পালে দি থৈ যাব । এজনী বায়েকে কোৱা শুনিলো--- " দৰাই কৈছে , তাই কাপোৰ অনা গম পালে বহুত বেয়া কথা হ'ব , নুলিয়াবি " । গতিকে কাপোৰ-কানি (আ-অলংকাৰতো বাদেই ) একো নোলাল ।  এইখনেই বিয়া অখিল‌ গগৈ আৰু গীতাশ্ৰী তামুলীৰ । 

      আজি অখিল কি সকলোৱে জানে । সিহঁতৰ সংসাৰখন কেনেকৈ চলিছে তাকো জানে । (বহুত মানুহ আছে অখিলক বেয়াও  পায় ।  সেয়া সকলোৰে নিজা নিজা কথা ।)  বিয়াপাতি কেইদিন পৰিয়ালৰ লগত আছে আমি জানো । 

      

      আন এটা কথা মনত পৰিছে । সিহঁতৰ ল'ৰা নচিকেতাৰ বয়স তিনিবছৰো  চাগে হোৱা নাছিল । তেতিয়া সিহঁত গোলাঘাটৰ চাৰ্কিট হাউছৰ ওচৰৰ ঘৰটোত থাকে । মই সোমালো সিহঁতৰ ঘৰত । ল'ৰাটোৱে  ৰবাৱটেঙা খাই খুব ভাল পায় হেনো । ঘৰুৱা ফল-মূলৰ বাহিৰে আন একো নাখায় । আমাৰ ঘৰত ৰবাব টেঙা ৰহ দি আছিল । মাকক কৈ মই তাক খোজ কঢ়াই , মাজতে অকণমান কোচত লৈ আনি আছোঁ বাছত উঠাই ঘৰলৈ লৈ যাম । গোলাঘাট কৰ্টৰ ওচৰ পাইছিলোঁহি । পুলিচ কেইজনমানে হাতকেৰেয়া লগাই কয়দী দুজনমানক লৈ আহিছে । সি মোক সুধিলে --" অ' মাহী আইতা, পুলিচে মানুহবোৰ কিয় ধৰি নিছে ? " মই ক'লো --" কিবা বেয়া কাম মানে চুৰ কৰিছিল চাগে !"  সি মোৰ হাতৰ আঙুলিটোৰ পৰা তাৰ হাতখন এৰি যোৱাকৈ মানুহকেইটাক উভতি উভতি চালে । তেতিয়া অখিলৰ  সংগ্ৰাম চলি আছিল । প্ৰায়ে মিডিয়াত ওলাই থাকে । ৰাতি টকশ্ব'ত  কোনোবা এটা চেনেলত অখিল  ওলাই আছিল  । মই তাক ৰাতিয়েই ৰবাব টেঙা খাবলৈ দি থৈছিলো। মই তাক মাতি ক'লো-- " দেউতা টি, ভিত ওলাইছে চাবা আঁহা !" সি কিবা এডাল আনি টিভিৰ চুইচটো কাটি দিলে । ( চুইছবৰ্ডখন ওপৰত আছিল ) মই ভাবি থাকিলো কিয় বাৰু সি টি.ভিটো অফ কৰি দিছিল .....?

      

       এতিয়া , দীৰ্ঘদিন বাপেকটো জেইলত আছে । সি  স্কুললৈ যাবলৈ মন নকৰে । তীক্ষ্ণ মগজুৰ ল'ৰাটোৰ মনত কি ঘটি আছে  কেৱল সি জানে । মানুহজনীৰতো হাৰাশাস্তিৰ অন্ত নাই । বহুত বেয়া লাগে মোৰ ল'ৰাটোলৈহে । কালি শিৱসাগৰবাসীয়ে অখিলৰ ত্যাগৰ মূল্য দিলে । ইতিহাস হৈ হৈ আহি আছে অখিলৰ জীৱন আৰু কৰ্ম ।  বহুতে বেয়া পায় অখিলক । মানুহৰ মনোভাৱ বুজাত ফেইছবুকেও কম সহায় কৰা নাই কিন্তু । কালি জি, এম , ছি, এইছত মানুহটোক লগ কৰিবলৈ যাওঁতে মিডিয়াৰ আগত  তাই ( গীতাশ্ৰী) কোৱা শুনিছোঁ ----" মই এইটোকে ক'ব পাৰিম যে তেওঁ বিধায়ক হোৱাৰ পিছত  মোৰ নামত  কোনোধৰণৰ অগাধ‌ সা- সম্পত্তি  শিৱসাগৰবাসীয়ে   নেদেখিব । "

       

        আমাকো সেইটোৱেই লাগে । মানুহটো সুস্থ শৰীৰ এটালৈ জেইলৰ পৰা কেনেকৈ , কি প্ৰক্ৰিয়াৰে ওলাই আহে ! অনাগত দিনবোৰত  বিৰোধী দলৰ হৈ  সৰৱ ভুমিকাৰে আমাৰ অসমীয়া জাতিটোক বচাব পাৰিলেই  হয়  আৰু ।

Copied from Parijat Baruah FB wall.

Comments

Popular posts from this blog

থোৰতে তৰুণ গগৈ দেৱৰ কিছু কথা

আচুৰ্যৰ হোটেল চাওঁক

ভাৰতবৰ্ষলৈ গৌৰৱ কঢ়িয়াই আনিছে নাগালেণ্ডৰ জীয়ৰী জেচিকা স্ন'কে