ব্লেক ফাংগাছৰ বিষয়ে জানো আহক

 #Black_Fungus_কি_জাঁনো_আঁহক



Black Fungus, একপ্ৰকাৰৰ ভেকুঁৰ যি সাধাৰণতে ৰুটি অথবা পাউৰুটি কেইবাদিনো থৈ দিয়াৰ ফলত দেখিবলৈ পোৱা যায়…ই সাধাৰণতে অতিপাত ভিজি থকা ঠাইত অথবা পানী নুশুকালে মানুহৰ গাতো হয় কিন্তু আমাৰ শৰীৰৰ ঘামে ইয়াকে নোহোৱা কৰে…ফলত মানৱ দেহত ই ইমান এটা ক্ষতি কৰিব নোৱাৰে।


   বৰ্তমান ক'ৰণা সময়ত যিবোৰ ৰোগীৰ অৱস্হা অত্যাধিক সংকটজনক,তেওঁলোকক ICU ত অক্সিজেন দি ৰখাৰ ফলত তেওঁলোকৰ নাকৰ পৰা মুখৰ ঠাইখিনি অত্যন্ত ঠাণ্ডা হৈ থাকে আৰু ভিজি থাকে। ক'ৰণাৰ চিকিৎসা কৰিবলৈ ব্যৱহাৰ কৰা steroid ৰ অত্যাধিক ব্যৱহাৰৰ বাবে ই আক্ৰমণ কৰিবলৈ সুবিধা পাইছে।


  এই বেমাৰটোৱে সকলোকে আক্ৰমণ নকৰে,যাৰ immune বহুত কম তেওঁলোককহে আক্ৰমণ কৰে…লগতে ক'ৰণা হ'লেও এই বেমাৰটো নহ'ব পাৰে,লগতে হ'লেও লগে লগে চিকিৎসা পালে ভাল হৈ যাব…কিন্তু যাৰ immune system বহুত দুৰ্বল,যেনে যাৰ অত্যাধিক চুগাৰ আছে অথবা প্ৰেচাৰ থাকে তেওঁলোকক বাবে এইটো ভয়ানক অথবা চিন্তনীয় বিষয়!!


এই বেমাৰটো নাকেৰে শৰীৰত প্ৰৱেশ কৰিব পাৰে,প্ৰাথমিক অৱস্হাত নাকেৰে সামান্য মটীয়া ৰংৰ পানী ওলায়,লগতে নাকৰ ভিতৰত সৰু সৰু পানীজ্বলা নিচিনা হয়!!পিছত মুখলৈ যোৱাৰ পিছত কেতিয়াবা কাঁহ অথবা তেজ বমি পৰ্যন্ত হ'ব পাৰে।লগতে নাকৰ ভিতৰত খচখচনি নিচিনাও হ'ৱ পাৰে যি সাধাৰণ ।ইয়াৰ পিছত ই চকুৰ ভিতৰলৈ প্ৰৱেশ কৰে ফলত চকুবোৰ খোজাই ৰঙা পৰে,অৰ্থাৎ ই লাহে লাহে ভয়ংকৰ হ'বলৈ ধৰে,(কিন্তু চকু ৰঙা অইন কাৰণতো হ'ব পাৰে,কালি মোৰো হৈছিল চকুৰ সমস্যা আছে বাবে সিটোত ভয় নকৰিব,প্ৰাথমিক লক্ষণ চকু ৰঙা হোৱাটো নহয়)!!চকুৰ জৰিয়তে ই যেতিয়া মানুহৰ মস্তিষ্কত প্ৰৱেশ কৰে তেতিয়া তাক আৰু নিৰাময় কৰিব পৰা নাযায়।চকু বহুত বেছি যদি infected হয়,তেতিয়া চকু ওলাব লগীয়াবো পাৰে।


  কিন্তু এই বেমাৰটো সকলোৰে নহয়,যাৰ immune system বহুত বেছি দুৰ্বল তাৰে হয়,গতিকে ভয় নকৰিব লগতে শৰীৰ গৰম ৰাখক…নিজৰ immune system ,strong  ৰাখক,ক'ৰণাৰ পৰা নিজকে সাৱধানে ৰাখক…ভয় নকৰি সৰ্তক হৈ থাকক ।


© Dikshita Sarkar

Comments

Popular posts from this blog

আচুৰ্যৰ হোটেল চাওঁক

নাহিদে বঁটাটো ঘূৰাই দিব !!

থোৰতে তৰুণ গগৈ দেৱৰ কিছু কথা