Sarabananda Sonowal l





 ১৯৬১ চনৰ ৩১ অক্টোবৰ


ডিব্ৰুগড়ৰ এখন ভিতৰুৱা গাঁও 

বিন্ধাকটা মুলুকগাঁৱৰ জীৱেশ্বৰ সোণোৱাল আৰু দীনেশ্বৰী সোণোৱালৰ পৰিয়াললৈ আহিছিল এটি দেৱশিশু


নাম তাৰ কুকৈ


গাঁৱৰ বোকা-পানী গচকি, সমনীয়াৰ লগত উমলি-জামলি কুকৈ লাহে-লাহে ডাঙৰ হৈ আহিল


এটি সাধাৰণ খেতিয়ক পৰিয়ালৰ সন্তান হিচাপে শৈশৱৰপৰাই কুকৈয়ে বুজি উঠিল পৰিয়ালৰ গধুৰ দায়িত্ব


বান-গৰাখহনীয়াত আক্ৰান্ত, আৰ্থিক অভাৱে জুৰুলা কৰা পৰিয়ালটোক সকাহ দিবলৈ কুকৈৰ সংগ্রাম আৰম্ভ হৈছিল সেই তেতিয়াৰপৰাই


৩ কিমি. খালীভৰিৰে খোজকাঢ়ি গৈ কুকৈয়ে দিনজান বজাৰত আনকি বিক্ৰী কৰিছিল শাক-পাচলি


জীৱনৰ ঘাত-প্ৰতিঘাতৰ মাজেৰেই এল পি স্কুল, হাইস্কুলৰ দেওনা পাৰ হৈ কুকৈ এদিন যুৱক হ'ল


সেই যে সৰুতে পৰিয়ালৰ দায়িত্ববোৰ বুজি উঠিছিল, সেই দায়িত্ববোধে কুকৈৰ মনত জগাই তুলিছিল আই অসমীৰ প্ৰতি গভীৰ দায়িত্ববোধ


তেতিয়া ১৯৮০ দশক, অসম আন্দোলনৰ ভৰপক সময়


'জয় আই অসম' ধ্বনিত উদ্বুদ্ধ হৈ কুকৈও হাজাৰ হাজাৰ সংগ্ৰামী জনতাৰ সৈতে জপিয়াই পৰিল আই অসমীৰ অস্তিত্ব ৰক্ষাৰ মহাসংগ্ৰামত


১৯৯০ দশকৰ আৰম্ভণিতে তেওঁ চমজি ল'লে আছুৰ সভাপতিৰ গুৰু দায়িত্ব


জনতাৰ মৰমৰ মাজত কুকৈ ক্ৰমশঃ জনপ্ৰিয় হৈ পৰিল সৰ্বানন্দ সোণোৱাল হিচাপে


অসমী আইৰ অস্তিত্বৰ প্ৰতি ভাবুকি কঢ়িয়াই আনিছিল IMDT আইনে


এই ভয়াবহ আইনখনৰ বিৰুদ্ধে উচ্চতম ন্যায়ালয়ত দ্বাৰস্থ হ'ল সৰ্বানন্দ সোণোৱাল


অৱশেষত বিভিন্ন প্ৰত্যাহ্বানৰ অন্তত ২০০৫ চনত উচ্চতম ন্যায়ালয়ে দিলে IMDT বাতিলকৰণৰ ঐতিহাসিক ৰায়


ভূমিপুত্ৰ সৰ্বানন্দক আছুৱে অভিহিত কৰিলে 'জাতীয় নায়ক' হিচাপে


জাতীয় নায়ক হিচাপে এইবাৰ সৰ্বানন্দৰ দায়িত্ব আৰু বাঢ়িল। সেই দায়িত্ব কেৱল অসমতে আৱদ্ধ হৈ নাথাকিল। 


ৰাইজৰ মৰম-আশীৰ্বাদ আৰু বিপুল সমৰ্থনত অখ্যাত মুলুকগাঁৱৰ কুকৈয়ে এদিন প্ৰৱেশ কৰিলে পৱিত্ৰ সংসদৰ মজিয়াত


আৰু ২০১৪ চনত দ্বিতীয়বাৰৰ সংসদ যাত্ৰাত সৰ্বানন্দ হ'লগৈ মোদী চৰকাৰৰ ক্ৰীড়া আৰু যুৱ কল্যাণ মন্ত্ৰী


(মোদীজীয়ে যে কৈছিল- অসমবাসীয়ে মোক এটুকুৰা হীৰা দিছিল। মই মোৰ মন্ত্ৰীসভাৰ সেই ৰত্ন অসমবাসীক আকৌ ঘূৰাই দিলোঁ ।)


কিন্তু যাত্ৰা তাতেই থমকি নৰ'ল। অসমৰ ৰাইজৰ আকুল আহ্বান আৰু মৰমৰ দাবীত জাতীয় নায়কৰ হাতত ন্যস্ত হ'ল অসমৰ শাসনভাৰ


জাতি-মাটি-ভেটিৰ সুৰক্ষাৰ সংকল্পেৰে সকলোৰে আনন্দ সৰ্বানন্দই অসমৰ বৰাক-ব্ৰহ্মপুত্ৰ, পাহাৰ-ভৈয়ামক সমন্বয়ৰ এনাজৰীৰে বান্ধি সকলোৰে মুখত হাঁহি বিৰিঙাই তুলিলে


বলিষ্ঠ নেতৃত্বৰে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে এক নতুন প্ৰভাতৰ আশা কঢ়িয়াই আনিলে ভাৰতৰ 'সূৰ্য উঠা দেশ' অসমলৈ


তেওঁৰ বলিষ্ঠ নেতৃত্বত প্ৰগতিৰ এই যাত্ৰা অবিৰত আৰু অপ্ৰতিৰোধ্য...!!

Comments

Popular posts from this blog

আচুৰ্যৰ হোটেল চাওঁক

নাহিদে বঁটাটো ঘূৰাই দিব !!

থোৰতে তৰুণ গগৈ দেৱৰ কিছু কথা