নতুন মুখ্যমন্ত্ৰী জনৰ বিষয়ে কিছু কথা

 ডঃ হিমন্ত বিশ্ব শৰ্মা



জন্ম : ১-২-১৯৬৯ চন যোৰহাট।

পিতৃ : প্ৰয়াত কৈলাশ নাথ শৰ্মা ।

মাতৃ : শ্ৰী মৃণালিনী দেৱী।


শিক্ষা- 


স্কুল : ১৯৭৫ নতুন শৰণীয়া    প্ৰাথমিক বিদ্যালয় , গন্ধিবস্তি।

কামৰূপ একাডেমী ১৯৭৯।

১৯৮৫ চনত মেট্ৰিক উত্তীৰ্ণ হৈ কটন কলেজত কলা শাখাত নামভৰ্ত্তি।

১৯৮৭ চনত  উচ্চতৰ মাধ্যমিকত উত্তীৰ্ণ হৈ ৰাজনীতি বিজ্ঞান বিষয়ত প্ৰধান বিষয় হিচাবে লৈ কটন কলেজত নামভৰ্ত্তি।

গুৱাহাটী বিশ্ববিদ্যালয়ৰ অধীনৰ  কটনৰ পৰা ৰাজনীতি বিজ্ঞান বিষয়ত স্নাতকোত্তৰ ডিগ্ৰী।

গুৱাহাটী বিশ্ববিদ্যালয়ৰ পৰা

আইনৰ স্নাতক। 

গুৱাহাটী বিশ্ববিদ্যালয়ৰ ৰাজনীতি বিজ্ঞান বিভাগৰ অধ্যাপিকা ডঃ নিৰু হাজৰিকাৰ তত্বাৱধানত NORTH EASTERN COUNCIL : A STRUCTURAL AND FUNCTIONAL ANALYSIS বিষয়ত ডক্টৰেট ডিগ্ৰী লাভ।


ৰাজনৈতিক পৰিক্ৰমা: 

১৯৯৪ চনত কংগ্ৰেছ দলত যোগদান। ছাত্র আৰু যুৱ কল্যাণ বিভাগৰ সদস্য সচিব হিচাবে কাৰ্যনিৰ্বাহ।

১৯৯৬ চনত ৫১ নং জালুকবাৰী সমষ্টিৰ পৰা ভাৰতীয় জাতীয় কংগ্ৰেছ দলৰ পৰা প্ৰতিদ্বন্দ্বিতা কৰি পৰাজয়।

২০০১ চনত জালুকবাৰী সমষ্টিৰ পৰা প্ৰথম বাৰৰ বাবে বিধানসভালৈ নিৰ্বাচিত। 


২০০২ চনত তৰুণ গগৈৰ মন্ত্রী সভাত কৃষিকে ধৰি কেবাটাও গুৰুত্বপূৰ্ণ দপ্তৰৰ মন্ত্ৰী হিচাবে স্থান লাভ।

২০০৬ চনত পুনৰ জয়ী হৈ তৰুণ গগৈৰ মন্ত্রী সভাত স্বাস্থ্যকে ধৰি কেবাটাও গুৰুত্বপূৰ্ণ দপ্তৰৰ মন্ত্ৰী হিচাবে স্থান লাভ।

২০১১চনত তৰুণ গগৈৰ মন্ত্রী সভাত স্বাস্থ্য, শিক্ষা,গুৱাহাটী উন্নয়নকে ধৰি কেবাটাও গুৰুত্বপূৰ্ণ দপ্তৰৰ মন্ত্ৰী হিচাবে স্থান লাভ।

২০১৪ চনত প্ৰয়াত তৰুণ গগৈৰ মন্ত্ৰী সভাৰ পৰা পদত্যাগ ।

২০১৫ চনত বিজেপিত যোগদান।

২০১৬ চনত বিজেপি দলৰ পৰা জালুকবাৰী সমষ্টিত প্ৰতিদ্বন্দিতা কৰি চতুৰ্থবাৰৰ বাবে বিধানসভালৈ নিৰ্বাচিত। সৰ্বানন্দ সোনোৱালৰ মন্ত্ৰী সভাত গড়কাপ্তানীকে ধৰি কেইবাটাও গুৰুত্বপূৰ্ণ দপ্তৰৰ মন্ত্ৰী হিচাবে কাৰ্যনিৰ্বাহ। 

২০২১ 

চনত পঞ্চমবাৰৰ বাবে পুনৰ বিধানসভালৈ নিৰ্বাচিত হয়। বিধায়িনী দলৰ সিদ্ধান্ত মৰ্মে মুখ্যমন্ত্ৰী নিৰ্বাচিত।


ছাত্র ৰাজনীতি : 

আছু । ১৯৮৭-১৯৮৮ চনত কটন কলেজ ছাত্র একতা সভাৰ সহকাৰী সাধাৰণ সম্পাদক।

১৯৮৮-১৯৮৯, ১৯৮৯-৯০আৰু ১৯৯১-১৯৯২ চনত তিনি বাৰকৈ কটন কলেজৰ ছাত্র একতা সভাৰ  সাধাৰণ সম্পাদক হিচাবে কাৰ্যনিৰ্বাহ।

Comments

Popular posts from this blog

আচুৰ্যৰ হোটেল চাওঁক

নাহিদে বঁটাটো ঘূৰাই দিব !!

থোৰতে তৰুণ গগৈ দেৱৰ কিছু কথা