Posts

Showing posts from June, 2021

চৰ্চাত পিংকী

Image
 মৰাণৰ ডুমৰদলঙৰ কল্যাণপুৰ গাঁৱৰ পিংকী চুতীয়া নামৰ মহিলাগৰাকীয়ে গাঁৱৰ এটি জানত চাদৰ মেখেলা পৰিহিত অৱস্থাত পানীত জপিওৱা এটা ভিডিঅ ভাইৰেল হৈ পৰে ছচিয়েল মিডিয়াত । গাঁওখনৰ আল্টান্তা চুতীয়া নামৰ যুৱতীগৰাকীয়ে ছ’চিয়েল মিডিয়াত পিংকীয়ে পানীত ড্ৰাইভ পৰা ভিডিঅ আপলোড কৰাৰ পাছতে  মুহূৰ্ততে ভাইৰেল হৈ পৰে । এনেদৰে ভাইৰেল হোৱাৰ পাছত ২৪ বছৰীয়া পিংকীয়ে কয় — “হয় আগেয়ে এনেদৰে জাঁপ মাৰিছোঁ। পথাৰৰ পৰা ভূঁই ৰুই অহাৰ পাছত এনেদৰে এই জানখনত জাঁপ দিওঁ।” কেৱল পানী জপিওৱাই নহয়, গছ বগাবও পাৰে পিংকীয়ে । পিংকীৰ স্বামী পেছাত এগৰাকী মিস্ত্ৰী। পিংকীয়ে পানীত জপিওৱা  ভিডিঅ’টো ছ’চিয়েল মিডিয়াত আপলোড কৰা আল্টান্তাই কয় *বৌ,এইখন গাঁৱৰ সাহসী মহিলা ।*

অৰণ্য মানৱ যাদৱ পায়েং

Image
অৰণ্য মানৱ যাদৱ পায়েং জন্ম : ১৯৬৩ অসম, ভাৰত অন্য নাম : মুলাই  পেচা :অৰণ্য নিৰ্মাতা । সক্ৰিয় হৈ থকা সময় : ১৯৮০ চনৰ পৰা বৰ্তমানলৈ। দাম্পত্যসঙ্গী : বিনীতা পায়েং বঁটা, সন্মান, পুৰস্কাৰ আদি: পদ্মশ্ৰী বঁটা (২০১৫)  যাদৱ পায়েং এগৰাকী পৰিবেশ কৰ্মী। মুলাই তেখেতৰ উপনাম। তেখেতে অসমৰ যোৰহাট জিলাৰ ককিলামুখৰ ওচৰৰ ব্ৰহ্মপুত্ৰৰ ঔনামুখ চাপৰিৰ এক বৃহৎ এলেকাত গছপুলি ৰোপণ কৰি এখন অৰণ্যলৈ ৰূপান্তৰ কৰিছিল। এই ৫৫০ হেক্টৰ অঞ্চল জুৰি থকা এই অৰণ্যখন যাদৱ পায়েঙৰ সন্মানাৰ্থে 'মুলাই কাঠনি' নামেৰে নামকৰণ কৰাহৈছে । ঔনামুখ চাপৰিটো ব্ৰহ্মপুত্ৰৰ এটা বৃহৎ চৰ ৷ ইয়াৰ দৈৰ্ঘ্য প্ৰায় ২৭ কিলোমিটাৰ আৰু বহলে প্ৰায়১৫ কিলোমিটাৰ ৷ ১৯৮০ চনত তেখেতে অৰণ্য সৃষ্টিৰ অভিযান আৰম্ভ কৰে। আজি সেই অৰণ্যত বিভিন্ন প্ৰজাতিৰ উদ্ভিদ আৰু প্ৰাণী দেখা যায়। কেইবিধমান মূল্যবান উদ্ভিদ হ'ল- অৰ্জুন,এজাৰ, গোলমোহৰ, কৰৈ, মজ,শিমলু আদি। প্ৰাণীৰ ভিতৰত গঁড়, ঢেকিয়া পতীয়া বাঘ,হৰিণা, বিভিন্ন ধৰণৰ পৰিভ্ৰমী চৰাই, শগুন আদিয়েই প্ৰধান।শেহতীয়াকৈ নতুন দিল্লীত অৱস্থিত জৱাহৰলাল নেহৰু বিশ্ববিদ্যালয়ে তেওঁক 'ভাৰতৰ অৰণ্যমানৱ’ (ফৰেষ্ট মেন অৱইণ্ডিয়

২০টা বৰ্ষ অতিক্ৰম কৰিলে অসমৰ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শর্মা আৰু পত্নী ৰিণিকি ভূঞা শৰ্মাই

Image
  বিবাহ বাৰ্ষিকী উপলক্ষে মুখ্যমন্ত্ৰীৰ পত্নীৰ বিশেষ টুইট। সোমবাৰে বৈবাহিক জীৱনৰ ২০টা বৰ্ষ অতিক্ৰম কৰিলে অসমৰ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শর্মা আৰু পত্নী ৰিণিকি ভূঞা শৰ্মাই। এই বিশেষ দিনটোত অপৰিসীম বিশ্বাস আৰু ধৈৰ্য্যৰে পাৰ কৰা প্ৰতিটো দিনৰ কথা স্মৰণ কৰিলে ৰিণিকি ভূঞা শৰ্মাই। মুখ্যমন্ত্ৰীগৰাকীয়েও অনুৰাগীৰ সৈতে শ্বেয়াৰ কৰিলে এখন বিশেষ ফটো। বিবাহৰ পূৰ্বে সেইসময়ৰ প্ৰেমিকাক মুখ্যমন্ত্ৰী হ’ম বুলি দিয়া প্ৰতিশ্ৰুতি পূৰণ কৰিলে হিমন্ত বিশ্ব শৰ্মাই। গভীৰ আত্মবিশ্বাস, কঠোৰ শ্ৰম আৰু মন দৃঢ় হ’লে মানুহ যে এদিন সফলতাৰ শীৰ্ষত আৰোহণ কৰিব পাৰে সেইয়া প্ৰমাণ কৰিলে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। বিবাহবাৰ্ষিকী উপলক্ষে টুইটযোগে ৰিণিকি ভূঞা শৰ্মাই কয়, ‘প্ৰকৃতিয়ে দিয়া অপৰিসীম বিশ্বাস আৰু ধৈৰ্য্যৰে পাৰ কৰা প্ৰতিটো দিনেই আমাক শক্তিশালী কৰি তুলিছে, আজি আমি বৈবাহিক জীৱনৰ ২০ বছৰ অতিক্ৰম কৰিলো’।

শহৰেকক কান্ধত তুলি ল'লে বোৱাৰীয়েকে

Image
 বোৱাৰীয়েকে কান্ধত তুলি হাস্পতাললৈ লৈ গল অসুস্থ শহুৰেকক।এগৰাকী অসমীয়া বোৱাৰীৰ এখন ছবি ভাইৰেল হৈ পৰাৰ পাছতে ছচিয়েল মিডিয়াত ব্যাপক চৰ্চা লাভ কৰিছে।ৰহাৰ ভাটিগাঁৱৰ ৭৫বছৰীয়া থলেশ্বৰ দাস নামৰ অসুস্থ ব্যক্তিগৰাকীক বোৱাৰীয়েক নীহাৰিকা দাসে পিঠিত তুলি স্থানীয় স্বাস্থ্যকেন্দ্ৰলৈ চিকিৎসাৰ বাবে লৈ আনিছিল।তাৰ পৰা থলেশ্বৰ দাসক ১০৮ এম্বুলেন্সেৰে নগাঁৱলৈ নিয়া হয়।ক'ভিড পজিটিভ চিনাক্ত হোৱা শহুৰেক থলেশ্বৰ দাসক এইদৰে স্বাস্থ্য কেন্দ্ৰলৈ পিঠিত কঢ়িয়াই অনা বোৱাৰীয়েক নীহাৰিকাৰো ক'ভিড পজিটিভ ধৰা পৰে। জানিব পৰা মতে,নিহাৰিকাৰ স্বামী তথা থলেশ্বৰ দাসৰ পুত্ৰ চাকৰি সূত্ৰে ঘৰৰ পৰা আঁতৰত থকাৰ বাবেই বোৱাৰীয়েকে শহুৰেকৰ সমস্ত দায়িত্ব ল’ব লগা হৈছে৷শহুৰেক থলেশ্বৰ দাস ক'ভিড আক্ৰান্ত হৈ শাৰীৰিকভাৱে অসুস্থ হৈ পৰাত বোৱাৰী নিহাৰিকা দাসে এনেদৰে ৰহা পৰিপূৰক স্বাস্থ্য কেন্দ্ৰলৈ চিকিৎসাৰ বাবে আনে৷থলেশ্বৰ দাসক ক'ভিড কেয়াৰ চেণ্টাৰলৈ প্ৰেৰণ কৰাৰ লগতে নিহাৰিকাক হোম কোৱাৰেণ্টাইনত ৰাখিবলৈ সিদ্ধান্ত গ্ৰহণ কৰিছিল স্বাস্থ্য বিভাগে। কিন্তু বয়সীয়াল শহুৰেকক অকলশৰে হাস্পতাললৈ প্ৰেৰণ কৰিবলৈ অমান্তি হয় নিহাৰিকা।সেয়েহে যাৱতীয় চিকিৎস

বিশিষ্ট সাহিত্যিক লক্ষ্মীনন্দন বৰাৰ দেহাৱসান।

Image
  বিশিষ্ট সাহিত্যিক লক্ষ্মীনন্দন বৰাৰ দেহাৱসান। ক'ভিডত আক্ৰান্ত হৈ এক্সেল কেয়াৰত চিকিৎসাধীন হৈ আছিল সাহিত্যিকগৰাকী। নগাওঁ হাইস্কুলৰ পৰা মেট্ৰিক উৰ্ত্তীণ বৰাই পদাৰ্থ বিজ্ঞানত কটন কলেজৰ পৰা স্নাতক ডিগ্ৰী গ্ৰহণ কৰে। পৰৱৰ্তী সময়ত কলকতাৰ প্ৰেছীডেন্সি কলেজৰ পৰা স্নাতকোত্তৰ ডিগ্ৰী গ্ৰহণ কৰে। অন্ধ্ৰ বিশ্ববিদ্যালয়ৰ পৰা ডক্টৰেট ডিগ্ৰী গ্ৰহণ কৰা বৰাই যোৰহাটৰ অসম কৃষি বিশ্ববিদ্যালয়ত অধ্যাপক হিচাপে কৰ্মজীৱনৰ পাতনি মেলে। ১৯৯২ চনত অৱসৰ গ্ৰহণ কৰা বৰাই ১৯৯৬ চনত অসম সাহিত্য সভাৰ সভাপতিৰ পদ অলংকৃত কৰে। অসম উপত্যকা বটা, সৰস্বতী সন্মান, সাহিত্য একাডেমী,  পদ্মশ্ৰী, আদিৰ উপৰি জীৱনজোৰা সাধনা বটাঁও লাভ কৰে বৰাই। ১৯৫৪ চনত 'ভাওনা' শীৰ্ষক গল্পৰে হাতত কলম তুলি লোৱা বৰাৰ প্ৰথম গ্ৰন্থ 'দৃষ্টিৰূপা' প্ৰকাশ পায় ১৯৫৮ চনত। ১৯৬৭ ত প্ৰকাশ পায় ' নিশাৰ সুৰভি' শীৰ্ষক গ্ৰন্থ খন। সাহিত্য অকাডেমী বটা বিজয়ী বৰাই কেৱল 'পাতাল ভৈৰৱী', 'মাটিত মেঘৰ ছাঁ'(১৯৭০),'বিশেষ এৰাতি'(১৯৭৯),মৎস্য কন্যা(১৯৯৫), 'যাকেৰি নাহিকে উপাম'(১৯৯৭),'সেহি‌ গুণনিধ'(১৯৯৭), 'কায়কল্প'(২০০৮