বিশিষ্ট সাহিত্যিক লক্ষ্মীনন্দন বৰাৰ দেহাৱসান।

 


বিশিষ্ট সাহিত্যিক লক্ষ্মীনন্দন বৰাৰ দেহাৱসান। ক'ভিডত আক্ৰান্ত হৈ এক্সেল কেয়াৰত চিকিৎসাধীন হৈ আছিল সাহিত্যিকগৰাকী।


নগাওঁ হাইস্কুলৰ পৰা মেট্ৰিক উৰ্ত্তীণ বৰাই পদাৰ্থ বিজ্ঞানত কটন কলেজৰ পৰা স্নাতক ডিগ্ৰী গ্ৰহণ কৰে। পৰৱৰ্তী সময়ত কলকতাৰ প্ৰেছীডেন্সি কলেজৰ পৰা স্নাতকোত্তৰ ডিগ্ৰী গ্ৰহণ কৰে। অন্ধ্ৰ বিশ্ববিদ্যালয়ৰ পৰা ডক্টৰেট ডিগ্ৰী গ্ৰহণ কৰা বৰাই যোৰহাটৰ অসম কৃষি বিশ্ববিদ্যালয়ত অধ্যাপক হিচাপে কৰ্মজীৱনৰ পাতনি মেলে। ১৯৯২ চনত অৱসৰ গ্ৰহণ কৰা বৰাই ১৯৯৬ চনত অসম সাহিত্য সভাৰ সভাপতিৰ পদ অলংকৃত কৰে। অসম উপত্যকা বটা, সৰস্বতী সন্মান, সাহিত্য একাডেমী,  পদ্মশ্ৰী, আদিৰ উপৰি জীৱনজোৰা সাধনা বটাঁও লাভ কৰে বৰাই।

১৯৫৪ চনত 'ভাওনা' শীৰ্ষক গল্পৰে হাতত কলম তুলি লোৱা বৰাৰ প্ৰথম গ্ৰন্থ 'দৃষ্টিৰূপা' প্ৰকাশ পায় ১৯৫৮ চনত। ১৯৬৭ ত প্ৰকাশ পায় ' নিশাৰ সুৰভি' শীৰ্ষক গ্ৰন্থ খন। সাহিত্য অকাডেমী বটা বিজয়ী বৰাই
কেৱল 'পাতাল ভৈৰৱী', 'মাটিত মেঘৰ ছাঁ'(১৯৭০),'বিশেষ এৰাতি'(১৯৭৯),মৎস্য কন্যা(১৯৯৫), 'যাকেৰি নাহিকে উপাম'(১৯৯৭),'সেহি‌ গুণনিধ'(১৯৯৭), 'কায়কল্প'(২০০৮), 'সেহি অনুৰাগ'(১৯৮৮), 'লক্ষ্মীনন্দন বৰাৰ চাৰিটা দশকৰ গল্প', 'গঙা চিলনীৰ পাখি'(১৯৬৩) আদি কেবাখনো মননশীল গ্ৰন্থ ৰচনা কৰিছিল।

পদ্মশ্ৰী' সন্মানেৰে সন্মানিত বৰাই ১৯৮৮ চনত 'পাতাল ভৈৰৱী' উপন্যাসৰ বাবে লাভ কৰে সাহিত্য একাডেমী বঁটা। বিশিষ্ট সাহিত্যিক লক্ষ্মীনন্দন বৰাৰ মৃত্যুত গভীৰ শোক প্ৰকাশ কৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই।

Comments

Popular posts from this blog

আচুৰ্যৰ হোটেল চাওঁক

নাহিদে বঁটাটো ঘূৰাই দিব !!

থোৰতে তৰুণ গগৈ দেৱৰ কিছু কথা