শহৰেকক কান্ধত তুলি ল'লে বোৱাৰীয়েকে



 বোৱাৰীয়েকে কান্ধত তুলি হাস্পতাললৈ লৈ গল অসুস্থ শহুৰেকক।এগৰাকী অসমীয়া বোৱাৰীৰ এখন ছবি ভাইৰেল হৈ পৰাৰ পাছতে ছচিয়েল মিডিয়াত ব্যাপক চৰ্চা লাভ কৰিছে।ৰহাৰ ভাটিগাঁৱৰ ৭৫বছৰীয়া থলেশ্বৰ দাস নামৰ অসুস্থ ব্যক্তিগৰাকীক বোৱাৰীয়েক নীহাৰিকা দাসে পিঠিত তুলি স্থানীয় স্বাস্থ্যকেন্দ্ৰলৈ চিকিৎসাৰ বাবে লৈ আনিছিল।তাৰ পৰা থলেশ্বৰ দাসক ১০৮ এম্বুলেন্সেৰে নগাঁৱলৈ নিয়া হয়।ক'ভিড পজিটিভ চিনাক্ত হোৱা শহুৰেক থলেশ্বৰ দাসক এইদৰে স্বাস্থ্য কেন্দ্ৰলৈ পিঠিত কঢ়িয়াই অনা বোৱাৰীয়েক নীহাৰিকাৰো ক'ভিড পজিটিভ ধৰা পৰে।

জানিব পৰা মতে,নিহাৰিকাৰ স্বামী তথা থলেশ্বৰ দাসৰ পুত্ৰ চাকৰি সূত্ৰে ঘৰৰ পৰা আঁতৰত থকাৰ বাবেই বোৱাৰীয়েকে শহুৰেকৰ সমস্ত দায়িত্ব ল’ব লগা হৈছে৷শহুৰেক থলেশ্বৰ দাস ক'ভিড আক্ৰান্ত হৈ শাৰীৰিকভাৱে অসুস্থ হৈ পৰাত বোৱাৰী নিহাৰিকা দাসে এনেদৰে ৰহা পৰিপূৰক স্বাস্থ্য কেন্দ্ৰলৈ চিকিৎসাৰ বাবে আনে৷থলেশ্বৰ দাসক ক'ভিড কেয়াৰ চেণ্টাৰলৈ প্ৰেৰণ কৰাৰ লগতে নিহাৰিকাক হোম কোৱাৰেণ্টাইনত ৰাখিবলৈ সিদ্ধান্ত গ্ৰহণ কৰিছিল স্বাস্থ্য বিভাগে।

কিন্তু বয়সীয়াল শহুৰেকক অকলশৰে হাস্পতাললৈ প্ৰেৰণ কৰিবলৈ অমান্তি হয় নিহাৰিকা।সেয়েহে যাৱতীয় চিকিৎসা সেৱা প্ৰদান কৰি দুয়োকে নগাঁও ভোগেশ্বৰী ফুকননী অসামৰিক চিকিৎসালয়ৰ ক'ভিড হস্পিতাললৈ ১০৮ বাহনেৰে প্ৰেৰণৰ ব্যৱস্থা কৰে৷মহামাৰীৰ এই বিভীষিকাৰ সময়ত ৰহাৰ নিহাৰিকা দাসে নিজৰ শহুৰৰ প্ৰতি দেখুওৱা দায়িত্ববোধে সকলোকে মোহিত কৰিছে।


Comments

Popular posts from this blog

আচুৰ্যৰ হোটেল চাওঁক

নাহিদে বঁটাটো ঘূৰাই দিব !!

থোৰতে তৰুণ গগৈ দেৱৰ কিছু কথা