চৰ্চাত পিংকী



 মৰাণৰ ডুমৰদলঙৰ কল্যাণপুৰ গাঁৱৰ পিংকী চুতীয়া নামৰ মহিলাগৰাকীয়ে গাঁৱৰ এটি জানত চাদৰ মেখেলা পৰিহিত অৱস্থাত পানীত জপিওৱা এটা ভিডিঅ ভাইৰেল হৈ পৰে ছচিয়েল মিডিয়াত । গাঁওখনৰ আল্টান্তা চুতীয়া নামৰ যুৱতীগৰাকীয়ে ছ’চিয়েল মিডিয়াত পিংকীয়ে পানীত ড্ৰাইভ পৰা ভিডিঅ আপলোড কৰাৰ পাছতে  মুহূৰ্ততে ভাইৰেল হৈ পৰে ।

এনেদৰে ভাইৰেল হোৱাৰ পাছত ২৪ বছৰীয়া পিংকীয়ে কয় — “হয় আগেয়ে এনেদৰে জাঁপ মাৰিছোঁ। পথাৰৰ পৰা ভূঁই ৰুই অহাৰ পাছত এনেদৰে এই জানখনত জাঁপ দিওঁ।”

কেৱল পানী জপিওৱাই নহয়, গছ বগাবও পাৰে পিংকীয়ে । পিংকীৰ স্বামী পেছাত এগৰাকী মিস্ত্ৰী। পিংকীয়ে পানীত জপিওৱা  ভিডিঅ’টো ছ’চিয়েল মিডিয়াত আপলোড কৰা আল্টান্তাই কয় *বৌ,এইখন গাঁৱৰ সাহসী মহিলা ।*

Comments

Popular posts from this blog

আচুৰ্যৰ হোটেল চাওঁক

নাহিদে বঁটাটো ঘূৰাই দিব !!

থোৰতে তৰুণ গগৈ দেৱৰ কিছু কথা