২০টা বৰ্ষ অতিক্ৰম কৰিলে অসমৰ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শর্মা আৰু পত্নী ৰিণিকি ভূঞা শৰ্মাই

 



বিবাহ বাৰ্ষিকী উপলক্ষে মুখ্যমন্ত্ৰীৰ পত্নীৰ বিশেষ টুইট। সোমবাৰে বৈবাহিক জীৱনৰ ২০টা বৰ্ষ অতিক্ৰম কৰিলে অসমৰ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শর্মা আৰু পত্নী ৰিণিকি ভূঞা শৰ্মাই। এই বিশেষ দিনটোত অপৰিসীম বিশ্বাস আৰু ধৈৰ্য্যৰে পাৰ কৰা প্ৰতিটো দিনৰ কথা স্মৰণ কৰিলে ৰিণিকি ভূঞা শৰ্মাই। মুখ্যমন্ত্ৰীগৰাকীয়েও অনুৰাগীৰ সৈতে শ্বেয়াৰ কৰিলে এখন বিশেষ ফটো। বিবাহৰ পূৰ্বে সেইসময়ৰ প্ৰেমিকাক মুখ্যমন্ত্ৰী হ’ম বুলি দিয়া প্ৰতিশ্ৰুতি পূৰণ কৰিলে হিমন্ত বিশ্ব শৰ্মাই। গভীৰ আত্মবিশ্বাস, কঠোৰ শ্ৰম আৰু মন দৃঢ় হ’লে মানুহ যে এদিন সফলতাৰ শীৰ্ষত আৰোহণ কৰিব পাৰে সেইয়া প্ৰমাণ কৰিলে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। বিবাহবাৰ্ষিকী উপলক্ষে টুইটযোগে ৰিণিকি ভূঞা শৰ্মাই কয়, ‘প্ৰকৃতিয়ে দিয়া অপৰিসীম বিশ্বাস আৰু ধৈৰ্য্যৰে পাৰ কৰা প্ৰতিটো দিনেই আমাক শক্তিশালী কৰি তুলিছে, আজি আমি বৈবাহিক জীৱনৰ ২০ বছৰ অতিক্ৰম কৰিলো’।

Comments

Popular posts from this blog

আচুৰ্যৰ হোটেল চাওঁক

নাহিদে বঁটাটো ঘূৰাই দিব !!

থোৰতে তৰুণ গগৈ দেৱৰ কিছু কথা