পিতৃহাৰা হ'ল ভূষন

জনপ্ৰিয় ইউটিউবাৰ ভূষন পাঠকৰ পিতৃৰ বিয়োগ হয় । পিতৃৰ বিয়োগ হোৱাত চছিয়েল মিডিয়াত পোষ্ট শ্বেয়াৰ কৰি কয় ---



 " মোৰ দেউতা যোৱাকালি বৈকুণ্ঠগামী হয়"


সাধাৰণতে পিতৃ  আৰু পুত্ৰৰ মাজত সীমাহীন মৰম থাকেই তথাপি পুত্ৰই বেছিভাগ কথা মাকৰ লগত শ্বেয়াৰ কৰা দেখা যায়,

কিন্তু মোৰ কাৰনে মোৰ বাবাৰ লগত সকলো কথা শ্বেয়াৰ কৰা গৈছিল,

মোৰ অতিকৈ ঘনিষ্ঠ আছিল,

প্ৰতিটো সুখ দুখৰ কথা তেওঁৰ লগত শ্বেয়াৰ কৰিছিলো,

যিসকলে দেখিছে বা লগ পাইছে তেওঁলোকে‌ জানে কিমান সহজ সৰল আছিল মোৰ দেউতা ,

মই গুৱাহাটীত থাকিলে অকল বাবাৰ লগত সদায় এবাৰত এক ডেৰ ঘন্টা কথা পাতো ফোনত বহুতে ভাৱে ইমান টাইম দেউতাকৰ লগত কি কথা পাতে,

আচলতে বাবাই মোক সকলো কথাতে উৎসাহ দিছিল, যি কৰিম বুলি ভাৱো তাতে হয়ভৰ দি‌ আগবাঢ়িব কৈছিল,

ইউটিউবৰ ক্ষেত্ৰতো বহুত বহুত উৎসাহ দি আহিছিল,

যোৱা আঢ়ৈ  মাহ ঘৰতে থাকি তেওঁৰ চিকিৎসা কৰি আছিলো বিভিন্ন ডক্টৰৰ দ্বাৰাই,

আচলতে তেওঁৰ ২০১২ মানৰ পৰাই বেমাৰ হৈ আছিল,

২০১৭ মানৰ পৰা অলপ বেছি হ'ল,

নেদেখুৱা ডক্টৰ নাই চাগে ,

কেইদিনমান ভাল পায় আৰু অলপ বেয়া তেনেকৈ আছিল‌ বহুকেইবছৰ কিন্তু যোৱাকালি গ'লগৈ মোক আৰু মাক এৰি চিৰদিনলৈ,

বাবাই জীৱনত কিমান সংগ্ৰাম কৰি মোক পঢ়াইছে বা ডাঙৰ কৰিছে সেইটো এটা motivational story বেলেগ এটা পোষ্টত কেতিয়াবা ক'ম,

তেওঁ ‌সৰুৰ পৰা এটা কথা শিকাইছিল বেলেগৰ কেতিয়াওঁ অন্যায় কৰিব নালাগে যিমান পাৰি বেলেগক সহায় কৰিব চেষ্টা কৰিবি,

আৰু বাবাৰো আমাৰ অঞ্চলত সৎ সহজ সৰল হিচাপে এটা নাম আছিল ,


মোক দেখিলে বাবাৰ অসুখ ভাল হৈ গৈছিল মোক এনেকৈ ভাল পাইছিল,

৬‌ দিন‌ আগত‌ মোক কৈছিল দেউতা তই থাকলি মই ভগৱান‌ থাকা হেন পাওঁ,

ভাবিলে এতিয়া চকুপানী ৰখাব নোৱাৰো,

দুদিন আগত‌ নিজে কৈছিল তই মোৰ লগত কিমান থাকিবি গুৱাহাটীত গৈ কামবোৰ আৰম্ভ কৰ মই ভাল বেয়াকৈ থাকিম যা,

বাবাৰ কথাত মই পৰহিৰ পৰা‌ ১০ দিনৰ বাবে গুৱাহাটী গৈছিলো,

মই যাব ওলোৱাত কান্দিছিল ,

মোৰ যাব মন নোযোৱাত তেওঁ কৈছিল যি পৰিস্থিতি নহওঁক কাম চলাই ৰাখিবি,


এটা কথাত মনটো বহুত বেয়া লাগিল বাবাৰ শেষ উশাহত তেওঁক লগ নাপালো কাৰন যোৱাকালি মই গুৱাহাটীত আছিলো ৰাতিপুৱা তেওঁৰ লগত ফোনত কথা পাতিছিলো,

আৰু লগতে এটা কথাত নিজকে সৌভাগ্যবান বুলি‌ ভাবো যে যোৱা আঢ়ৈ মাহ ধাৰাবাহিক ভাৱে তেওঁৰ শুশ্ৰূষা কৰিব পাৰিছো ।

তেওঁক হেৰুৱায় মোৰ ওপৰৰ পৰা বৃহৎ গছৰ ছা নোহোৱা যেন অনুভৱ হৈছে, 

মোৰ জীৱনৰ আটাইতকৈ ডাঙৰ পুৰাব নোৱাৰা ক্ষতি ।😢 

তই যতেই আছা বাবা তাৰ পৰা মোক আৰু মাক আৰ্শীবাদ কৰি থাকিবি ,❤️❤️❤️

বহুত বহুত বহুত বহুত বহুত ভাল পাওঁ বাবা তোক,

চিৰদিনলৈ মিছ কৰিম তোক,

হয়তো ভাষাৰে বুজাব নোৱাৰিম,

চব কথাত মোৰ লগত থকা মানুহজন গ'ল ,

যোৱাকালি অৰ্থাৎ ১৩ জুলাই দিনৰ ১ মান বজাত তেওঁ আমাক এৰি স্বৰ্গগামী হয় ।

যিমান পাৰো মনটো শক্তিশালী কৰিব চেষ্টা কৰিছো শেষত আপোনালোকেওঁ যেন বাবাৰ বিদেহী আত্মাৰ সদগতি কামনা কৰে আৰু মোৰ মনটো শক্তিশালী কৰাত সহায়‌ কৰে যেন,

আৰু‌ মোক আগৰ দৰেই আৰ্শীবাদ কৰে যেন ।

ধন্যবাদ 🙏🙏


___ভূষন পাঠক









Comments

Popular posts from this blog

আচুৰ্যৰ হোটেল চাওঁক

নাহিদে বঁটাটো ঘূৰাই দিব !!

থোৰতে তৰুণ গগৈ দেৱৰ কিছু কথা